নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত বিধ্বস্ত পথ পকীকৰণৰ কামনাৰে থাপনা পাতি ছাত্ৰ-ছাত্ৰীৰ প্ৰাৰ্থনা

নিয়মীয়া বাৰ্তা, ১৪ আগষ্ট : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাজপথত এজাক কণ-কণ ছাত্ৰ-ছাত্ৰীয়ে হাতযোৰ কৰি কৰিছে প্ৰাৰ্থনা। সমান্তৰালকৈ মামা সম্বোধনেৰে মুখ্যমন্ত্ৰীলৈও কাতৰ আহ্বান পথ পকীকৰণৰ বাবে। কামৰূপৰ লোকনিৰ্মাণ বিভাগৰ বকো উপসংমণ্ডলীয় কাৰ্যালয়ৰ অন্তৰ্গত বৃহত্তৰ নগৰবেৰা অঞ্চলৰ ৰাজপথৰ বিধ্বস্ত অৱস্থাই যাতায়াতলৈ আহুকাল নমাইছে। আজিকোপতি উন্নত নহ’ল নগৰবেৰা অঞ্চলৰ ৰাস্তা-ঘাটবোৰ, নগৰবেৰা-গোৱালপাৰা সংযোগী সদাব্যস্ত গড়কাপ্টানী পথৰ মেধিপাৰা উদয়নগৰ গাঁৱৰ খলাবমা পথটি এজাক বৰষুণতেই বোকা-পানীৰে উপচি পৰে। স্কুললৈ অহাযোৱা কৰা পথত প্ৰায়ে সংঘটিত হয় সৰু-বৰ দুৰ্ঘটনা। উপায়বিহীন হৈ বিদ্যালয় অভিমুখী পথত কণ-কণ ছাত্ৰ-ছাত্ৰীয়ে ৰাজপথতে নেদেখাজনলৈ প্ৰাৰ্থনা জনায়। একেদৰে মামা সম্বোধনেৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈও পথ পকীকৰণৰ আহ্বান জনায়। শিশু, চেমনীয়াহঁতক দেখি ওলাই আহি কাৰ্যসূচীত একাংশ স্থানীয় গৃহিণীয়েও অংশ লয়। পিছে কণ-কণ শিক্ষাৰ্থীৰ এনে অভিনৱ আবেদনে সংশ্লিষ্ট বিভাগক কেনে তৎপৰ কৰে সেয়াহে হ’ব লক্ষণীয়।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like