নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শব্দ অভিযন্তা দেৱজিত গায়নক সম্বৰ্ধনা বিধায়ক জিতু গোস্বামীৰ

নিয়মীয়া বাৰ্তা, ৬ নৱেম্বৰ: ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ বঁটা দাদাচাহেব ফাল্কে বঁটা প্ৰদান অনুষ্ঠানত ভাৰতৰ উপ ৰাষ্ট্ৰপতিৰ পৰা “ৰজতকমল বঁটা” সন্মানেৰে বিভুষিত দেৱজিত গায়নক আদৰণি বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ ।

নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত খাছী চলচ্চিত্ৰ “ইউডুহ”-ৰ বিশেষ শব্দ গ্ৰহণৰ বাবে Best Audiographer Award লাভ কৰা অসমৰ সুসন্তান দেৱজিত গায়নৰ কৃতিত্বত বঢ়মপুৰবাসীৰ লগতে সমষ্টিৰ বিধায়ক গৰাকীও উৎফুল্লিত ।

শ্ৰেষ্ঠ শব্দগ্ৰহণৰ বাবে ৰজতকমল বঁটা লাভ কৰি বঢ়মপুৰ তথা অসমলৈ গৌৰৱ কঢ়িয়াই অনা শব্দ অভিযন্তাগৰাকীৰ বাসগৃহত উপস্থিত হৈ বিধায়ক গৰাকীয়ে আদৰণি জনোৱাৰ লগতে তেওঁৰ ভৱিষ্যত পৰিকল্পনাক বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰত সৰ্বতোপ্ৰকাৰৰ সহায়- সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বিধায়কগৰাকীয়ে । শব্দ গ্ৰহণৰ অত্যাধুনিক ষ্টুডিঅ’ প্ৰতিষ্ঠাৰে এই ক্ষেত্ৰখনত আগুৱাই যোৱাৰ সপোন দেখা দেৱজিত গায়নে বিধায়ক গৰাকীৰ প্ৰেৰণাত যথেষ্ট উৎসাহিত হয় ৷

You might also like