নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁৱত আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত; নির্বাচনৰ আইন–শৃংখলাৰ পর্যালোচনা

নিয়মীয়া বাৰ্তা, ৩১ মার্চ: তৃতীয় পর্যায়ত অনুষ্ঠিত হ’বলগীয়া বঙাইগাঁও জিলাৰ তিনিটাকৈ বিধানসভা সমষ্টিৰ নির্বাচনৰ বাবে  নিৰাপত্তা ব্যৱস্থাৰ পর্যালোচনা কৰে আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই৷ বঙাইগাঁও আৱর্ত ভৱনত অনুষ্ঠিত সভাত আৰক্ষী সঞ্চালকপ্রধানজনে জিলাখনৰ সাধাৰণ প্রশাসনৰ লগতে আৰক্ষী প্রশাসনৰ শীর্ষ বিষয়াবর্গৰ উপস্থিতিত নিৰাপত্তা ব্যৱস্থাৰ বুজ লয়৷

আৰক্ষী বিষয়াজনে জিলাখনৰ আইন–শৃংখলা পৰিস্থিতিৰ বুজ লৈ ভয় আৰু শংকামুক্ত নির্বাচন অনুষ্ঠিত কৰাৰ বাবে প্রয়োজনীয় নির্দেশনা জাৰি কৰে৷ ৰে’ল লাইনৰ সুৰক্ষা, যান–বাহনৰ তালাচী, স্পর্শকাতৰ এলেকাসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে ভোটদান কেন্দ্রসমূহত সুৰক্ষা ব্যৱস্থা, ভোটগণনা কেন্দ্রত নিৰাপত্তাৰক্ষী মোতায়েনকে ধৰি বিভিন্ন বিষয়ে আলোচনা কৰি যাৱতীয় কার্যব্যৱস্থা গ্রহণৰ বাবে সভাত সিদ্ধান্ত গ্রহণ কৰা হয়৷ সভাত অসম আৰক্ষীৰ পশ্চিম সংমণ্ডলৰ ডিআইজিৰ লগতে উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্রিয়া, আৰক্ষী অধীক্ষক সুবোধ সোণোৱালসহ জিলাখনৰ শীর্ষ বিষয়াবর্গই অংশগ্রহণ কৰে৷

উল্লেখ্য যে ছয় মার্চত বঙাইগাঁৱৰ লগতে উত্তৰ অভয়াপুৰী আৰু দক্ষিণ অভয়াপুৰী সমষ্টিত নির্বাচন অনুষ্ঠিত হ’ব৷

You might also like