নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছক ভোট নিদিবলৈ আহ্বান হিন্দু বঙালী যুৱ–ছাত্র ফেডাৰেচনৰ

নিয়মীয়া বাৰ্তা, ৩১ মার্চ:  দ্বিতীয় পর্যায়ৰ নির্বাচনলৈ মাজত মাথোঁ এটা দিন বাকী থকা অৱস্থাত ৰাজ্যৰ প্রায় ৭৫ লাখ বঙালী সম্প্রদায়ৰ লোকক কংগ্রেছক ভোট নিদিবলৈ আহ্বান জনাইছে সদৌ অসম হিন্দু বঙালী যুৱ–ছাত্র ফেডাৰেচনে৷ সংগঠনটোৰ ৰাজ্যিক সভাপতি অজয় ভূষণ সৰকাৰে আজি কংগ্রেছ দলৰ প্রতি তীব্র বিষোদ্গাৰ প্রকাশ কৰি সংবাদ মাধ্যমৰ জৰিয়তে এই আহ্বান জনায়৷

সভাপতি সৰকাৰে কয়, কংগ্রেছ দলৰ শাসনত অসমৰ বঙালীসকল চূড়ান্তভাৱে প্রতাৰিত হৈছে৷ যোৱা ১৫ বছৰীয়া শাসনত কংগ্রেছে ৰাজ্যৰ হিন্দু বঙালীসকলৰ জ্বলন্ত সমস্যাসমূহ সমাধানৰ ক্ষেত্রত কোনো পদক্ষেপ গ্রহণ নকৰিলে৷ ডি ভোটাৰৰ সন্দেহত কেইবাসহস্র হিন্দু বঙালী নাগৰিকক ডিটেনচন কেম্পত বছৰৰ পিছত বছৰ ধৰি আবদ্ধ কৰি ৰখা হৈছে৷ ডিটেনচন কেম্পত থকা বঙালী লোকসকলে অৱর্ণনীয় জীৱন অতিবাহিত কৰিব লগা হৈছে৷ ডিটেনচন কেম্পত থকা বঙালী লোকসকলৰ মানৱ অধিকাৰ খর্ব হৈছে৷ অতীজৰে পৰা অসমৰ বুকুত মিলাপ্রীতিৰে বসবাস কৰি অহা হিন্দু বঙালী লোকসকলে নাগৰিকত্বৰ নামত আন্দোলন কৰিব লগা হৈছে৷ ডি ভোটাৰৰ সমস্যা কংগ্রেছে সৃষ্টি কৰিছে৷ ডিটেনচন কেম্প, বিদেশী ন্যায়াধিকৰণ কংগ্রেছৰ সৃষ্টি৷ সেয়ে দিছপুৰ–দিল্লীত কংগ্রেছৰ চৰকাৰ থকাৰ পিছতো উভয় চৰকাৰে নাগৰিকত্ব সমস্যাটো সমাধান কৰাত গুৰুত্ব নিদিলে৷ এনে কাৰণতে আমি দ্বিতীয় পর্যায়ৰ নির্বাচনৰ এদিন পূর্বে বঙালী সম্প্রদায়ৰ লোকসকলক কংগ্রেছত ভোট নিদিবলৈ মুকলি আহ্বান জনাইছোঁ৷ যিহেতু কংগ্রেছ চৰকাৰে হিন্দু বঙালীসকলৰ উন্নয়নৰ কথা নাভাবিলে সেয়ে এইবাৰ নির্বাচনত বঙালী লোকসকলে কংগ্রেছক ভোট দিয়াৰ পৰা বিৰত থাকক৷

উল্লেখ্য যে দ্বিতীয় পর্যায়ৰ নির্বাচনৰ প্রাক্মুহূর্তত সদৌ অসম হিন্দু বঙালী যুৱ–ছাত্র ফেডাৰেচনে কংগ্রেছেবিৰোধী স্থিতি গ্রহণ কৰাত প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ এনে পৰিস্থিতিত ফেডাৰেচনে কংগ্রেছৰ বিৰোধিতা কৰি বিজেপিক সমর্থন কৰিছে নেকি বুলি সাংবাদিকে সোধাত অজয় ভূষণ সৰকাৰে কয়, আমি বিজেপিক ভোট দিব লাগে বুলি কোৱা নাই৷ আমি বিজেপিৰ সমর্থক নহয়৷ সদৌ অসম হিন্দু বঙালী যুৱ–ছাত্র ফেডাৰেচন এটা অৰাজনৈতিক সংগঠন৷

অৱশ্যে অসমৰ জাগীৰোডকে ধৰি হিন্দু বঙালী অধ্যুষিত অঞ্চলৰ বহুখিনি উন্নয়ন হৈছে৷ ৰাস্তা–ঘাট, খোৱাপানী, বিজুলী আদি সমস্যা কিছু পৰিমাণে সমাধান হৈছে৷ গতিকে এইক্ষেত্রত ভোটাৰ ৰাইজে কাক ভোট দিব নিশ্চয় বিবেচনা কৰিব৷ ভাৰতত আমি বিদেশী নহয়৷ আমি অসমত বসবাস কৰা ভাৰতীয় নাগৰিক৷ সেয়ে বঙালীসকলৰ নাগৰিকত্বৰ লগতে জ্বলন্ত সমস্যা সমাধান কৰিব পৰা দলক ভোট দিব লাগে৷

You might also like