বড়ো কছাৰী স্বায়ত্ত পৰিষদ গঠন, প্ৰাক্তন বিএলটি সদস্যক পুনঃসংস্থাপনৰ দাবী
নিয়মীয়া বাৰ্তা, ১৬ আগষ্টঃ অবিভক্ত লক্ষীমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ সাধাৰণ সভাখন আজি ধেমাজি জিলাৰ সানজাৰি নৌগৌৰৰ চিমেন চাপৰিস্থিত নিজা কাৰ্যালয়ত অনুষ্ঠিত হয়। অবিভক্ত লক্ষীমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ সভাপতি মলেন্দ্ৰ নাৰ্জাৰীৰ সভাপতিত্ত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় সংগঠনটোৰ সাধাৰণ সম্পাদক অমল মহিলাৰীয়ে। অনুষ্ঠানত অংশগ্ৰহন কৰি প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ কেন্দীয় উপ সভাপতি মিহিনিশ্বৰ বসুমতাৰীয়ে কয় সশস্ত্ৰ সংগ্ৰামৰ জৰিয়তে বড়ো জাতিৰ ৰাজনৈতিক, আৰ্থ-সামাজিক,ভূমিৰ অধিকাৰ, শৈক্ষিক, সাংস্কৃতিক আদি দিশৰ উত্তৰণৰ অধিকাৰ প্ৰাপ্তিৰ বাবে ১৯৯৬ চনৰ ১৮ জুলাইত প্ৰতিষ্ঠা হোৱা বড়োলেণ্ড লেবাৰেছন টাইগাৰচ ফৰ্চ চমুকৈ বিএলটিয়ে ২০০৩ চনৰ ৬ ডিচেম্বৰত অস্ত্ৰ সম্বৰণ কৰে।
২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ সৈতে সম্পাদিত হৈছিল বিটিচিৰ চুক্তি। তাৰ পৰবৰ্তী সময়ত বিএলটিৰ প্ৰাক্তন নেতা-কেডাৰ সকলক লৈ গঠন হোৱা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদে সামাজিক সংগঠন হিচাপে সাংগঠনিকভাবে বিভিন্ন উন্নয়নমূলক কাম-কাজ চলাই আহিছে বুলি কৈ অনাগত সময়তো প্ৰাক্তন বিএলটিৰ প্ৰতিগৰাকী সদস্যই সমাজৰ সৰ্বতোপ্ৰকাৰৰ কল্যাণৰ বাবে দায়বদ্ধ হৈ থাকিব লাগিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।আজিৰ সাধাৰণ সভাখনতে অবিভক্ত লক্ষীমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ পুৰণা সমিতিখন ভঙ্গ কৰি এখন শক্তিশালী নতুন সমিতি গঠন কৰা হয়।
সমিতিখনত সংগঠনটোৰ প্ৰাক্তন সাধাৰণ সম্পাদক চাঞ্চুমা বসুমতাৰীক সভাপতি, বিষ্টিৰাম নাৰ্জাৰী, খগেন দৈমাৰী, নেপোলিয়ন বসুমতাৰীক উপ সভাপতি, অমল মহিলাৰীক পুনৰ সাধাৰণ সম্পাদক, ৰনোজ ৰামচিয়াৰীক সহঃ সাধাৰণ সম্পাদক, সুনীলাল ৰামচিয়াৰীক কাৰ্য্যালয় সম্পাদক, সথ’ বসুমতাৰীক কোষাধ্যক্ষ হিচাপে অবিভক্ত লক্ষীমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ নতুন সমিতিখন গঠন কৰা হয় ।
সমিতিখনত প্ৰভাত বসুমতাৰী, বিউটি গয়াৰী আৰু মলেন্দ্ৰ নাৰ্জাৰীক উপদেষ্টা হিচাপে মনোনীত কৰা হয়।আজিৰ সভাৰ জৰিয়তে সংগঠনটোৰ জোনাই আৰু সোঁৱণশিৰি প্ৰাথমিক সমিতি দুখনৰ পুৰণা সমিতি ভঙ্গ কৰি দুখন সমিতি গঠন কৰা হয়। ডিম্বেশ্বৰ বড়োক সভাপতি, কুকৰাম বড়ো, ভূমচা বসুমতাৰীক উপ সভাপতি, থানেশ্বৰ মুছাহাৰীক সাধাৰণ সম্পাদক, তৰুণ গয়াৰী, বাইডেম ইছলাৰীক সহঃ সাধাৰণ সম্পাদক, ৰবিন স্বৰ্গীয়াৰীক উপদেষ্টা হিচাপে লৈ জোনাই প্ৰাথমিক প্ৰাক্তন বিএলটি কল্যাণ পৰিষদখন গঠন কৰাৰ লগতে থাৰাচন মুছাহাৰীক সভাপতি, থৰ্লা মুছাহাৰীক উপ সভাপতি, বিলিফাং বসুমতাৰীক সাধাৰণ সম্পাদক, জয়থশ নাৰ্জাৰীক সহঃ সাধাৰণ সম্পাদক হিচাপে লৈ সোঁৱণশিৰি প্ৰাথমিক প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ নতুন সমিতিখন গঠন কৰা হয়।সাধাৰণ সভাই প্ৰাক্তন বিএলটি কেডাৰ সকলক পুনঃ সংস্থাপনৰ ব্যৱস্থা কৰা, শেহতীয়া বড়ো চুক্তি বিটিআৰৰ পাঁচ নং ধাৰাৰ অধীনত অহা ৩১ আগষ্টৰ পৰা অনুষ্ঠিত হবলগা অসম বিধানসভাৰ অধিবেশনত বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনত অনুমোদন জনোৱা, বান-খহনীয়াগ্ৰস্তক উপযুক্ত ক্ষতিপূৰণ আৰু পুনঃ সংস্থাপনৰ ব্যৱস্থা কৰা, বিশ্বব্যাপি আতংক সৃষ্টি কৰা অতিমাৰী ক’ভিড-১৯ ৰ সংক্ৰমণৰ পৰা বাচি থাকিবলৈ ইয়াৰ বিৰুদ্ধে প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে স্বাস্থ্য বিভাগৰ পৰামৰ্শ ৰাইজক আহ্বান জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।