চিমেন নদীত সাঁতুৰিবলৈ গৈ সন্ধানহীন এজন ছাত্ৰ
নিয়মীয়া বাৰ্তা, ১৬ আগষ্টঃ চিমেন নদীত সাঁতুৰি থকা অৱস্থাত এগৰাকী ছাত্ৰ সন্ধানহীন হয়।ধেমাজি জিলাৰ চেঙাজান মাজৰবাৰীৰ মাজগাওঁ অসমীয়া গাঁৱৰ হেমচন্দ্ৰ বৰাৰ দ্বিতীয় পুত্ৰ তথা চিমেন চাপৰি মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ সত্যজিৎ বৰাই স্বাধীনতা দিৱস উপলক্ষে লগৰীয়াৰ সৈতে চিমেন চাপৰিৰ কৈবৰ্ত গাঁৱত অনুষ্ঠিত এখন বন্ধুত্বমূলক ফুটবল খেলত অংশগ্ৰহণ কৰে । খেল সমাপ্তৰ পিছত ৰে’ল লাইনৰ পৰা দুশ মিটাৰ উত্তৰে চিমেন নদীৰ পাৰত বন্ধু বৰ্গৰ সৈতে প্ৰীতিভোজ খাবলৈও গৈছিল ছাত্ৰ গৰাকী।
আনহাতে ভোজৰ প্ৰস্তুতি চলাই থকা সময়ত সত্যজিৎ বৰাই লগৰীয়াৰ সৈতে চিমেন নদীত গা ধুবলৈ যায়।দুপৰীয়া ১২-৩০ বজাত গা ধুবলৈ গৈ নদীত সাঁতুৰি থকা অৱস্থাত ডুবি যাবলৈ ধৰা সত্যজিতক লগৰ এজনে উদ্ধাৰ কৰিবলৈ চেষ্টা চলাই যদিও সত্যজিতে পিন্ধি থকা কাপোৰখন নিজে বিচাৰিবলৈ লওঁতে পুনৰ ছাত্ৰ গৰাকীক পানীৰ সোঁতে উটুৱাই নিয়ে। লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় যদিও এছডিআৰএফৰ ডুবাৰু বাহিনী তিনি ঘন্টাৰ পলমকৈহে গৈ পায় ঘটনাস্থলীত।
শনিবাৰে বিয়লি সময়ত এছডিআৰএফৰ ডুবাৰুৰ লগতে স্থানীয় লোকেও উদ্ধাৰ অভিযান চলাইছে। আজি পুনৰ ঘটনাস্থলীৰ পৰা দুই কিলোমিটাৰলৈকে চিমেন নদীত উদ্ধাৰ অভিযান চলোৱা হয় যদিও আজিও ছাত্ৰ গৰাকীক উদ্ধাৰ কৰিব পৰা নাই এছডিআৰএফৰ ডুবাৰু বাহিনীয়ে। স্থানীয় ৰাইজেও চিমেন নদীৰ বিভিন্ন স্থানত উদ্ধাৰ অভিযান চলাইছে যদিও এইপৰ্যন্ত উদ্ধাৰ হোৱা নাই।