গিৱন অভয়াৰণ্যৰ গছ পৰি ধোদৰ আলিৰ যাতায়ত ব্যাহত; বাহন ক্ষতিগ্ৰস্ত
নিয়মীয়া বাৰ্তা, ২৪ মে’: মৰিয়নিৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ এজোপা বৃহৎ গছ বাগৰি মৰিয়নি- আমগুৰি ধোদৰ আলিৰ ওপৰতে পৰাত কেবাঘন্টা ধৰি পথটোৰে যাতায়ত ব্যাহত হৈ পৰে । আজি পুৱা ৯ মান বজাত এই ঘটনা সংঘটিত হয় । হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ নতুনকৈ নিৰ্মান কৰা কঁঠালগুৰি বন শিবিৰৰ কিছু সমীপত থকা এজোপা বৃহৎ গছ আজি পুৱা বাগৰি পৰে । সেই সময়ত বতাহ বা বৰষুণ নাছিল যদিও গছ জোপা বাগৰি পৰে । সন্দেহ কৰামতে, বৃহৎ গছজোপাৰ গুৰিটো পচি যোৱাৰ বাবেই আজি হঠাতে গছজোপা বাগৰি পৰে । গছজোপা মৰিয়নি – আমগুৰি ধোদৰ আলিৰ ওপৰতে বাগৰি পৰাৰ ফলত পথটোৰে যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে । আনহাতে, গছজোপাই বিদ্যুৎ পৰিবাহী তাঁৰৰো ক্ষতিসাধন কৰে । ইফালে, গছজোপা বাগৰি পৰাৰ সময়তে মৰিয়নি দিশৰ পৰা যোৱা এখন মহিন্দ্ৰ ব’লেৰো পিক আপ বাহন সৌভাগ্যক্ৰমে কথমপি ৰক্ষা পৰে যদিও বাহনখন ক্ষতিগ্ৰস্ত হয় । এ এছ – ০৩- বি চি – ২৪০৭ নম্বৰৰ চলন্ত বাহনখনৰ একেবাৰে সন্মুখতে গছজোপা বাগৰি পৰাত বাহনখনৰ চালকে তৎ ধৰিব পৰাৰ আগতেই গছজোপাত খুন্দা মাৰে । ফলত বাহনখনৰ সন্মুখভাগ ক্ষতিগ্ৰস্ত হয় । অৱশ্যে বাহনখনৰ আৰোহী হতাহত হোৱাৰ পৰা কোনোমতে ৰক্ষা পৰে । ফলত এক ভয়াবহ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে । ইয়াৰ পিছত বন বিভাগৰ লগতে স্থানীয় লোকৰ তৎপৰতাত গছ জোপা কাটি আঁতৰাই পথটো মুকলি কৰা হয় ।
দিব্যজ্যোতি শইকীয়া