“ভূপেন বৰা ডাঙৰীয়া ২৪ত শূণ্য পাব – ৰিজাল্ট কালিয়েই হৈছে” – ধুবুৰীত ভৱেশ কলিতা
নিয়মীয়া বাৰ্তা, ১১ মাৰ্চ: “প্ৰথমবাৰৰ বাবে যুৱ মৰ্চাৰ কাৰ্য্যনিৰ্বাহক সভা ইয়াত অনুষ্ঠিত হ’ল। যোৱাকালি ভাৰত-বাংলাদেশ সীমান্তৰ আগমনী ব্ল’কৰ সত্ৰশালত বৈঠক হৈছিল আৰু আজি পূৰ্ণাংগ কাৰ্য্যনিৰ্বাহক সভাখন জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এতিয়া সমাপ্ত হ’ল।” আজি ধুবুৰীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাখনত অংশ লোৱাৰ পিছত সাংবাদিকৰে হোৱা কথাবতৰাত এইদৰে কয় বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই। আজিৰ এই পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাখনত আগন্তুক দিনত কাৰ্য্যক্ৰম অধিক শক্তিশালী কৰা, যুৱক-যুৱতিসকলক সমায়িত কৰি দলক আগবঢ়াই নিয়াকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে জনায় তেওঁ।
সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেওঁ ধুবুৰীৰ সাংসদ তথা এইইউডিএফ চুপ্ৰিমো বদৰুদ্দিন আজমলক আক্ৰমণৰ লক্ষ্য কৰি তেওঁ কয় যে, “আজমল ডাঙৰীয়া কেইবাটাও কাল ধুবুৰীৰ সাংসদ হৈ থাকিলথাকিল কিন্তু ধুবুৰীবাসীৰ বাবে একো আনিব নোৱাৰিলে; যি দিছে সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিছে, মুখ্যমন্ত্ৰী মহোদয়ে ইয়াত উন্নয়নৰ বাবে যি লাগে দিছে সেই ক্ষেত্ৰত তেখেতে যিটো কাম কৰিব পৰা নাই, নিশ্চিত ভাৱে ধুবুৰীবাসী ৰাইজে চিন্তা-চৰ্চা কৰিব।” আনহাতে আগন্তুক লোকসভা নিৰ্বাচনত ধুবুৰী আৰু বৰপেটাত বিজেপিৰ মূল প্ৰতিদ্বন্দী কোন হ’ব পাৰে বুলি শুধা সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত “এতিয়াও বহু দিন আছে-প্ৰায় ১১ মাহ আছে” বুলি উল্লেখ কৰি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ তাৎপৰ্য্যপূৰ্ণ মন্তব্য, “১১ মাহত ব্ৰহ্মপুত্ৰই দি বহুত পানী ব’ব, বহুত শিহু ওপঙিব; নহয় জানোঁ? বহুত মাছ খাব ৰাইজে। দেখা যাওক।” আনহাতে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাৰ নেতৃত্বত ১০টা ৰাজনৈতিক দলৰ বিৰোধী জোট সন্দৰ্ভে শুধা সাংবাদিকৰ প্ৰশ্নত ভৱেশ কলিতাৰ কটাক্ষ, “বাদ দিয়ক ভূপেন বৰাবৰা, কি হ’ব? মই নিজে দেখিছোঁ দুজন। এজন আছে শিৱসাগৰৰ বিধায়ক। তেওঁ তাতে ফেইল। অহাবাৰ তাত পাছ কৰিব নোৱাৰিব। দ্বিতীয়জন আছে সৰভোগৰ বিধায়ক। দলটো অসমত এটা আসনতে জিকে। তেওঁলোক অসমৰ ভাগ্য নিয়ন্তা নহয়, তেওঁলোকে কেতিয়াও অসমৰ ভাগ্য নিয়ন্ত্ৰণ কৰিবও নোৱাৰে। অসমৰ ভাগ্য নিয়ন্ত্ৰণ কৰিব অসমৰ খিলঞ্জীয়াসকলে; খিলঞ্জীয়াসকল বিজেপিৰ সপক্ষে আছে আৰু সকলো জাতি-জনগোষ্ঠী ৰাভাৰ পৰা, বৰোলৈকে, কাৰ্বি পৰা ডিমাছালৈকে বিজেপিৰ সপক্ষে আছে।” ল’গতে তেখেতৰ মন্তব্য, “১৪ নহয়, ১৮ খনত খেলিলেও বিগ জিৰো- মই আজিয়ে কলোঁ। ভূপেন বৰা ডাঙৰীয়া যে এটা শূণ্য পাব, ৰিজাল্ট কালিযেই হৈছে।” ল’গতে বিজেপিৰ দাৱী, “তেওঁৰ দল যে ২৪ত শূন্য পাব আজিয়েই লিখি থওক।”