নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কয়লাঘাটৰ সমীপত পুনৰ বৰলুইতৰ ভয়ংকৰ গৰাখহনীয়াই নিদ্ৰা হৰণ কৰিছে ডিব্ৰুগড়বাসীৰ!

  • ঐতিহাসিক ডিব্ৰুগড় চহৰলৈ প্ৰত্যাহ্বান অৱধাৰিত।

নিয়মীয়া বাৰ্তা,১১মাৰ্চঃ বাৰিষা নৌ হওতেই ডিব্ৰুগড়ত পুণৰ গৰাখহনীয়া।চহৰখনৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ কয়লাঘাটৰ সমীপত পুনৰ বৰলুইতৰ ভয়ংকৰ গৰাখহনীয়াই নিদ্ৰা হৰণ কৰিছে ডিব্ৰুগড়ৰ বাসীৰ। উল্লেখ্য যে যোৱা ৪ মাৰ্চৰ নিশাৰে পৰা ভয়ংকৰ খহনীয়াত মথাউৰি পাৰৰ প্ৰায় ২৫০ মিটাৰ ভূমি জাহ যোৱাৰ পাছত ডিব্ৰুগড় সুৰক্ষা বান্ধলৈ মাত্ৰ ৮ মিটাৰ বাকী ৰৈছিল।জলসম্পদ বিভাগে তৎপৰতাৰে দিনে নিশাই জিঅ’বেগ আৰু পকী-পাৰ্কোপাইন জৰিয়তে খহনীয়া ৰোধ কৰিবলৈ সক্ষম হৈছিল যদিও আজি পুনৰ পূৰ্বৰ খহনীয়াৰ কিছু দূৰত্বতে(ভটিয়নীত)পুনৰ হৈছে ভয়ংকৰ খহনীয়া।খহনীয়া স্থলিত ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল,ৰামেশ্বৰ তেলী উপস্থিত হৈ পৰিদৰ্শন কৰিছিল যদিও খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত বিশেষ সফল হোৱা নাই জলসম্পদ বিভাগ।আনহাতে অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি লুৰিণজ্যোতি গগৈ আৰু প্ৰবাসী অসমীয়া নদী বিশেষজ্ঞ ড° আৰতি বৰুৱা উপস্থিত হৈ জলসম্পদ বিভাগৰ খহনীয়া ৰোধৰ নামত কৰা ভেকুভাওনা সন্দৰ্ভত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছিল।ইটা জপা দি জি’অবেগ জাপি ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া প্ৰতিৰোধ কৰিব বিছৰা কাৰ্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।অৱশ্যে উক্ত স্থানত খহনীয়া কিছু প্ৰতিৰোধ হয় যদিও আজি পুনৰ সেই স্থানৰ নামনিত খহনীয়া সংঘটিত হোৱা ঘটনাই ডিব্ৰুগড় নগৰ সুৰক্ষা বান্ধলৈ পুনৰ ভাবুকি কঢ়িয়াই আনিছে।প্ৰনিধানযোগ্য যে জলসম্পদ বিভাগে বিজ্ঞানসন্মতভাবে প্ৰতিৰোধৰ ব্যৱস্থা নকৰাৰ বিষয়ে সকলোতে ব্যাপক চৰ্চা লভিছে।আনকি খোদ জলসম্পদ বিভাগৰে ঠিকাদাৰ সন্থাই এই বিষয়ত সংবাদমেলৰ জৰিয়তে অভিযোগ আনিছিল।আনহাতে অহা দুই-তিনি মাহৰ পাছতেই বাৰিষাই ভয়াৱহ ৰূপ লব আৰু এতিয়াৰে পৰা যদি এনেদৰেই খহনীয়া অব্যাহত থাকে,তেন্তে ঐতিহাসিক ডিব্ৰুগড় চহৰলৈ প্ৰত্যাহ্বান অৱধাৰিত।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like