নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী জিলাৰ ক’ভিড পৰিৱেশ গুৰুতৰ ৰূপ ধাৰণ কৰাৰ আশংকা

নিয়মীয়া বাৰ্তা ১৭ জানুৱাৰীঃ সমগ্ৰ ধুবুৰী জিলাৰ ক’ভিড পৰিৱেশ ক্ৰমশঃ গুৰুতৰ হৈ পৰাৰ আশংকাৰ উদয় হৈছে। আজিৰ দিনটোতে জিলাখনত ২২৬ গৰাকীকৈ ব্যাক্তি ক’ভিড আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে। ইয়াৰে ১৯৩ গৰাকীৰ আৰএটি (RAT) পৰীক্ষাত ক’ভিড পজিটিভ হোৱা বুলি পোহৰলৈ অহাৰ বিপৰীতে আৰটিপিচিআৰ (RTPCR) পৰীক্ষাৰ ফলাফলত জিলাখনৰ ৩৩ গৰাকী ব্যক্তিৰ দেহত ক’ভিডৰ সংক্ৰমণ হোৱা বুলি স্বাস্থ্য বিভাগৰ পৰীক্ষাত পোহৰলৈ আহিছে। জানিব পৰা মতে আজি জিলাখনৰ পানবাৰিস্থ কেন্দ্ৰীয় বিদ্যালয়ৰ পঢ়ুৱৈকে ধৰি শিক্ষাগুৰুসহ মুঠ ৩৯ গৰাকী ক’ভিড পজিটিভ বুলি চিনাক্ত হৈছে আৰু তাৰেই পৰিপ্ৰক্ষিতত ধুবুৰী জিলা প্ৰশাসনে তৎতকালে বিদ্যালয়খনকে ধৰি ইয়াৰ চৌহদক অহা ৭ দিনৰ বাবে ‘‘কনটেইনমেন্ট জোন’’ৰূপে ঘোষণা কৰিছে। বৰ্তমানে ধুবুৰী জিলাত সক্ৰিয় মুঠ ৫৮১ গৰাকী ক’ভিড ৰোগীৰ ৫৪২ গৰাকী হোম আইছোলেশ্বনত ৰখাৰ বিপৰীতে ৩৯ গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হোৱা বুলি স্থানীয় স্বা্স্থ্য বিভাগৰ সূত্ৰে প্ৰকাশ।

প্ৰেৰকঃ অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী

You might also like