নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত নিচাযুক্ত ঔষধসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক

নিয়মীয়া বাৰ্তা, ৩০ ছেপ্টেম্বৰঃ যোৱানিশা ধুবুৰীৰ এ এম কো ৰোড বজাৰ আৰক্ষী চকীৰ অভিযানত বুজন পৰিমাণৰ নিচাযুক্ত ঔষধসহ এজন ড্ৰাগছ সৰবৰাহকাৰী আটক হোৱা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভে জানিব পৰা মতে, গোপন এক তথ্যৰ ভিত্তিত যোৱানিশা আৰক্ষীয়ে অভিযান চলাই অঞ্চলটোৰ পৰা নিচা জাতীয় টেবলেটসহ আতোৱাৰ সেখ নামৰ ড্ৰাগচ সৰবৰাহকাৰী গৰাকীয়ে হাতে লোটে কৰায়ত্ব কৰে। ধৃত লেকজনৰ অঞ্চলটোত এখন নিজা দৰ্জীৰ দোকান থকা বুলি প্ৰকাশ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like