নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২ অক্টোবৰত পাঠশালা প্ৰেছ ক্লাবৰ উদ্যোগত ভ্ৰাম্যমাণ থিয়েটাৰৰ দিন

নিয়মীয়া বাৰ্তা, ৩০ ছেপ্টেম্বৰঃ বজালী জিলা সদৰ পাঠশালাৰ সাংবাদিকসকলৰ অন্যতম পুৰণি অনুষ্ঠান পাঠশালা প্ৰেছ ক্লাৱৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এইবেলিও অহা ২ অক্টোবৰত পাঠশালাত ভ্ৰাম্যমাণ থিয়েটাৰৰ দিন উদ্‌যাপনৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে৷ পাঠশালাস্থিত আজাদ ভৱনত হবলগীয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ দিন উদযাপনৰ লগত সংগতি ৰাখি শিল্পী সম্বৰ্ধনাৰ লগতে গ্রন্থ উন্মোচনী সভাও অনুষ্ঠিত হব৷ অসমৰ প্ৰথমটো ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠী অচ্যুত লহকৰ সৃষ্ট “নটৰাজ থিয়েটাৰ”ৰ একালৰ বিশিষ্ট অভিনেত্ৰী আমিনা দেৱানৰ ‘স্বৰ্ণিল নটৰাজৰ বৰ্ণিল যাত্রা’ শীর্ষক গ্ৰন্থখন উন্মোচন কৰিবলগা অনুষ্ঠানত ভ্ৰাম্যমাণ থিয়েটাৰৰ কেবাগৰাকীও শিল্পীক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হ’ব৷ কাৰ্যসূচী অনুসৰি গছপুলি ৰোপন অনুষ্ঠান মুকলি কৰিব সমাজকৰ্মী তথা প্ৰয়াত অচ্যুৎ লহকৰৰ জোৱাই অম্লানজ্যোতি শৰ্মাই, মঞ্চপ্রভাকৰ অচ্যুত লহকৰৰ প্ৰতিকৃতিত মাল্যাৰ্পন আৰু বন্তি প্রজ্বলন মুকলি কৰি প্ৰয়াত অচ্যুত লহকৰৰ সহধৰ্মিণী তথা প্ৰতিষ্ঠিত অভিনেত্ৰী কিৰণ লহকৰে৷ ইয়াৰ পাছতে পাঠশালা প্ৰেছ ক্লাৱৰ সভাপতি পুলু কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হবলগীয়া গ্রন্থ উন্মোচন আৰু শিল্পী সম্বৰ্দ্ধনা অনুষ্ঠান মুকলি কৰিব কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে৷ অনুষ্ঠানত গুৰু স্মৰণ কৰিব নাট্যযোদ্ধা তথা আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক কৃষ্ণ ৰয়ে৷ গ্রন্থ উন্মোচন কৰিব মহেন্দ্ৰ নাৰায়ণ বালিকা মহাবিদ্যালয়ৰ অধ্যাপক ড° কৌশিক ডেকাই৷ অনুষ্ঠানত বজালী জিলা উপায়ুক্ত কাবেৰী বি. শৰ্মা, দৈনিক অসম কাকতৰ সহকাৰী সম্পাদক অতুল্য মাধব গোস্বামী, লেখক তথা নাট সমালোচক অতুল মজুমদাৰ, বৰমা মহাবিদ্যালয়ৰ অধ্যাপক ফণীধৰ তালুকদাৰ, সমাজকৰ্মী তাইজুদ্দিন আহমেদৰ লগতে কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব৷ অনুষ্ঠানৰ সমূহ কাৰ্যসূচীতে ৰাইজৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছে উদ্যোক্তাসকলে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like