নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম কেতিয়াও বিভাজিত নহয় অসম সদায় অসমে থাকিবঃ ধুবুৰীত উপস্থিত নৱনিযুক্ত অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ ‘‘মাদ্ৰাছাই হওক বা অইন কোনো অনুষ্ঠানৰ নামত কোনোবাই ৰাষ্ট্ৰ বিৰোধী কাম কৰিব; জেহাদীৰ কাম কৰিব সেয়া কোনো কাৰণতেই আমাৰ চৰকাৰে মানি নল’য়। যিয়ে যি চিঞঁৰি থাকিব পাৰে তাৰ লগ’ত আমাৰ সম্পৰ্ক নাই। আমাৰ এটা কথা স্পষ্ট, ৰাষ্ট্ৰ বিৰোধী, জেহাদী কাৰ্য্যকলাপ অসমভূমিত চলিব দিয়া নহয়।’’ এই হুংকাৰ অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী, পৰ্যটন আদি বিভাগৰ তথা নৱনিযুক্ত ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। ধুবুৰী জিলাৰ দায়িত্ব পোৱাৰ পিছত আজি নিশা প্ৰথমবাৰৰ বাবে ধুবুৰীত উপস্থিত হোৱা অভিভাৱক মন্ত্ৰীগৰাকীয়ে স্থানীয় আৱৰ্ত ভৱনত সাংবাদিকৰে হোৱা কথাবতৰাত এইদৰে কয়। সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেওঁৰ তাৎপৰ্য্যপূৰ্ণ মন্তব্য, ‘‘অসমখন কেতিয়াও বিভাজিত হ’ব নোৱাৰে অসম সদায় অসমে থাকিব; কেৱল এটা কথা ঠিক কেৱল ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হ’ব লাগিবো। আজি আমি বিছাৰোঁ স্বায়ত্বশাসিত পৰিষদসমূহ ক্ষমতাশালী হওক; প্ৰতিটো স্বায়ত্বশাসিত পৰিষদ ক্ষমতা পাওক।’’ উল্লেখ্য যে, অহাকালি ধুবুৰীস্থ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন বিভাগৰ সৈতে দুখনকৈ পৰ্যালোচনা বৈঠকত ভাগ ল’ব মন্ত্ৰীগৰাকীয়ে। অহাকালি বিয়লি ২ বজাত তেওঁ ধুবুৰী জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰিব৷ জানিব পৰা মতে, কাইলৈ দলীয় কাৰ্য্যকৰ্তাৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকতো অংশ ল’ব ধুবুৰীৰ নৱনিযুক্ত অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like