কংগ্ৰেছীৰ মাজত বিভাজন : ধুবুৰীৰ ৰাজীৱ ভৱনত ‘‘ভাৰত জোড়ো যাত্ৰা’ সম্পৰ্কীয় বৈঠকৰ পূৰ্বে বাকবিতণ্ডা
নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰঃ অহা ৩ নৱেম্বৰত ধুবুৰীৰ পৰা শদিয়ালৈ হ’বলগীয়া ‘‘ভাৰত জোড়ো যাত্ৰা’ৰ সন্দৰ্ভে আজি ধুবুৰীস্থিত ৰাজীৱ ভৱনত আয়োজিত এখন বিশেষ কাৰ্য্যনিৰ্বাহক সভাখন আৰম্ভ হোৱাৰ পূৰ্বেই সৃষ্টি হোৱা দেখা গ’ল এক অভূতপূৰ্ব পৰিস্থিতিৰ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কেইবাগৰাকী শীৰ্ষ বিষয়াববীয়াৰ সন্মুখতেই স্থানীয় একাংশ কংগ্ৰেছীয়ে নিজৰ মাজত লিপ্ত হোৱা দেখা যায় দূৰ্বাদল কাজিয়াত। অৱশ্যে বাকবিতণ্ডাৰ অন্ত পৰাৰ পিছত সুকলমেই অনুষ্ঠিত হয় জিলা কংগ্ৰেছৰ সেই বৈঠকখন। স্মৰ্তব্য যে ২২ ছেপ্টেম্বৰৰ দিনাও ধুবুৰীৰ ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদেমেলৰ মাজতে সৃষ্টি হৈছিল এক হূলুস্থূলীয়া পৰিৱেশৰ। সিদিনা সংবাদিকৰ কেমেৰাৰ সন্মুখতে নিজৰ মাজতেই দূৰ্বাদল কাজিয়াত লিপ্ত হৈছিল একাংশ কংগ্ৰেছীয়ে। সেই ঘটনাৰ কেইদিনমান পূৰ্বে ধুবুৰী গ্ৰামীণ ব্ল’ক কংগ্ৰেছৰ নৱনিযুক্ত সভাপতিগৰাকীৰ এখন আদৰণি সভাত কোনো স্থানীয় কংগ্ৰেছী নেতাই দেশী আৰু গৰিয়া–মৰিয়াক উদ্দেশ্যি তাচ্ছিল্যসূচক মন্তৱ্য কৰাৰ অভিযোগেৰে সৃষ্টি হৈছিল আন এক বিতৰ্কৰ। ইপিনে আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে জিলা কংগ্ৰেছৰ সভাপতিৰ পদটোত নিজৰ কোনে ঘনিষ্ঠ ব্যক্তিক অধিষ্ঠিত কৰাৰ কূট–কৌশলেৰ অংশৰূপেই দলটোৰেই ভিতৰুৱা কোনো শক্তিৰ প্ৰৰোচনাত এইদৰে ৰাজীৱ ভৱনত একাংশ কংগ্ৰেছীৰ মাজত বাকবিতণ্ডাৰ সূত্ৰপাত ঘটি থকাৰ বিষয়টোও ন্যুই কৰা নাই স্থানীয় ৰাজনৈতিক বিশ্লেষক একাংশই। উল্লেখ্য যে, আজিৰ জিলা কংগ্ৰেছৰ এই বিশেষ কাৰ্য্যনিৰ্বাহক সভাখনত দলটোৰ সাধাৰণ সম্পাদক তথা ‘‘ভাৰত জোড়ো যাত্ৰা’’ৰ ৰাজ্যিক সমন্বয়ক ৰমেন বৰঠাকুৰ, দক্ষিণ শালমাৰা বিধায়ক তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা ৱাজেদ আলী চৌধুৰী, এপিচিচিৰ কাৰ্য্যনিৰ্বাহক সদস্য ৰামান্য বৰুৱা আৰু গোলাপ শইকীয়া, সেৱা সমিতিৰ অধ্যক্ষ দ্বীপ বায়ন, প্ৰাক্তন মন্ত্ৰী নজিবুল ওমৰ, গোলকগঞ্জৰ বিধায়ক সোৱাহান আলী সৰকাৰ, জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি ছামচুল ইছলাম, প্ৰাক্তন সাংসদ আব্দুল হামিদ প্ৰমুখ্যে ৰাজ্যিক আৰু জিলা পৰ্য্যায়ৰ অইন কেইবাগৰাকী বিষয়–ববীয়া উপস্থিত আছিল।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী