নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰতিবন্ধী শিশুৰ মানসিক বিকাশৰ লক্ষ্যৰে ডিব্ৰুগড়ত ক্ৰীড়া সমাৰোহ উদযাপন

বিশেষ বাৰ্তা, ১৪ নৱেম্বৰঃ সৰ্বভাৰতীয় আগৰৱালা মহিলা সন্মিলন,ডিব্ৰুগড় শাখা আৰু প্ৰেৰণা প্ৰতিবন্ধী বেচৰকাৰী সংস্থাৰ যৌথ তত্বাৱধানত কালি পুৱা ১০ বজাৰ পৰা ডিব্ৰুগড়ৰ চৌকিডিঙী ফিল্ডত প্ৰেৰণা শিশু গৃহৰ শিশুসকলৰ সৈতে বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰি শিশু দিৱস উদযাপন কৰা হয়। শিশু কল্যাণ সমিতিৰ অধ্যক্ষ গীতিমালিকা গগৈয়ে পতাকা প্ৰদৰ্শন কৰি ক্ৰীড়া কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে। আনহাতেদি আগৰৱাল সন্মিলনৰ ডিব্ৰুগড় শাখাৰ প্ৰতিষ্ঠাপক সদস্য তথা শাখাৰ সভাপতি পায়ল কেজৰিৱাল আৰু সমাজকৰ্মী ৰিতু লোহিয়াৰ নেতৃত্বত সৰু ল’ৰা-ছোৱালীৰ বাবে চামুচ আৰু মাৰ্বল, বাস্কেটবল, ডাঙৰ ল’ৰা-ছোৱালীৰ বাবে দৌৰ,বাল্টিত আঘাত হনা আদিকে কৰি আন কিছুমান মনোৰঞ্জনমূলক ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত ৩১টি শিশুৱে অংশগ্ৰহণ কৰি অতি উৎসাহেৰে ক্ৰীড়া আৰু খেল উপভোগ কৰে।অনুষ্ঠানত সন্মিলনৰ অতিথি ৰিতু লোহিয়াৰ নিখুঁত নিৰ্দেশনা আৰু পৰিকল্পনাৰে এই কাৰ্যসূচীয়ে এক অনন্য মাত্ৰা প্ৰদানত সহায়ক হৈ পৰে।এই উপলক্ষে সন্মিলনৰ সমান্তৰালকৈ প্ৰেৰণা শিশু গৃহ এন জি অ’ৰ অধ্যক্ষ জ্যোৎস্না সোণোৱাল, সম্পাদক মহেশ কৈৰী, শিশু গৃহৰ দায়িত্বত থকা পাপৰী বৰুৱাৰ লগতে সকলো কৰ্মীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰি অনুষ্ঠানটো সফল কৰি তোলাত যথেষ্ট সহযোগিতা আগবঢ়ায়। আগৰৱাল সন্মিলনৰ আন সদস্য সকল ক্ৰমে খুছবু কেজৰিৱাল, সুনীতা ফগলা, পিংকি পোদ্দাৰ, সীমা চৌধুৰী, কুসুম কাগলীৱাল আৰু পিংকি কানৈয়ে অনুষ্ঠানটো সফল কৰি তোলাত সহযোগিতা আগবঢ়ায়। ক্ৰীড়াত বিজয়ী হোৱা শিশুসকলক আগৰৱাল সন্মিলনৰ পৰা উপহাৰ হিচাপে সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক প্ৰদান কৰি তেওঁলোকক উৎসাহিত কৰে আয়োজকে। উল্লেখ্য যে শিশুসকলৰ বাবে আগৰৱাল সন্মিলনে লঘূ জলপানৰো ব্যৱস্থা কৰে।  এই কাৰ্যসূচীত শিশুসকলৰ মুখত অপৰিসীম সুখ আৰু উৎসাহ দেখি সন্মিলনৰ সভাপতি পায়ল কেজৰিৱালে ভৱিষ্যতেও শিশুসকলৰ সৈতে বিভিন্ন অনুষ্ঠান আয়োজন কৰাৰ সদিচ্ছা প্ৰকাশ কৰে।

প্ৰেৰক বিভাস দুৱৰা

You might also like