পথত আগচি দেহৰ গোপন অংগত হাত দিয়াৰ চেষ্টা যুৱকৰ
বিশেষ বাৰ্তা, ১৯ আগষ্টঃ সমগ্ৰ দেশতে পশ্চিমবংগৰ বীভৎস্য ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু চাঞ্চল্য অব্যাহত থকাৰ সময়তে ডিব্ৰুগড়ত সংঘটিত হৈছে অনুৰূপ এক ভয়ংকৰ ঘটনা। মহিলা চিকিৎসকক ধৰ্ষণ কৰি নৃশংস হত্যাৰ ঘটনাই দেশ জোকাৰি থকা সময়তে ডিব্ৰুগড় চহৰৰ মিলন নগৰত সংঘটিত হৈছে এই জঘন্য ঘটনা। নিশা ৰাজপথেৰে গৈ থকা অকলশৰীয়া মহিলাক দুই যুৱকে অপহৰণৰ প্ৰচেষ্টাৰে অপকৰ্ম কৰাৰ চেষ্টাই এতিয়া ডিব্ৰুগড়ত ব্যাপক চাঞ্চল্য সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত ইতিমধ্যেই দুজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি ভাৰতীয় ন্যায় সংহিতাৰ ৭৪ ধাৰাৰ ৩২৮/২৪ গোচৰত তন্ময় ৰাজবৰুৱা আৰু বিমন নাৰায়ণক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।উল্লেখ্যযোগ্য যে ডিব্ৰুগড়ৰ মিলন নগৰত এগৰাকী মহিলা নিজৰ কৰ্মস্থানৰ পৰা ঘৰলৈ যোৱাৰ সময়ত বিপৰীত দিশৰ পৰা স্কুটীত অহা দুজন যুৱকে পথত আগচি প্ৰথমেই দেহৰ গোপন অংগত হাত দিয়াৰ লগতে বুকুত ধৰি টানি চোঁচৰাই নি অপকৰ্ম কৰাৰ চেষ্টা কৰিছিল। নিশা প্ৰায় ৮:৩০ বজাত ডিব্ৰুগড় চহৰৰ মিলন নগৰত সংঘটিত হয় এই ভয়াৱহ ঘটনাই সকলোৰে চকু কপালত তুলিছে। এখন ব্যৱসায়িক প্ৰতিষ্ঠানত প্ৰায় দুমাহ ধৰি কৰ্মৰত মহিলাগৰাকী এটা ভাৰাঘৰত থাকে। উল্লেখ্যযোগ্য যে ১৭ আগষ্টৰ নিশা প্ৰায় ৮ বজাত মহিলাগৰাকীয়ে কৰ্মস্থানৰ পৰা ঘৰলৈ ঘুৰি যোৱাৰ সময়তে স্কুটীত অহা দুই যুৱকে প্ৰথমে মহিল গৰাকীক আগচি বিভিন্ন গোপন স্থানত স্পৰ্শ কৰি ব্যতিব্যস্ত কৰাৰ লগতে হাতত ধৰি আন্ধাৰ গলিৰ ফালে টানি লৈ অপকৰ্ম কৰাৰ চেষ্টা চলায় যদিও কৌশলৰে মহিলাগৰাকীয়ে নিজকে ৰক্ষা কৰিবলৈ সক্ষম হয়। ভুক্তভোগী মহিলাগৰাকীয়ে মিলন নগৰ আৰক্ষী চকীত দাখিল কৰা এজেহাৰ ভিত্তিত দুই অভিযুক্তক আৰক্ষীয়ে কালি নিশা আটক কৰে। ইফালে সংবাদ মাধ্যমে এই ঘটনা অৱগত হোৱাৰ পাছতে মিলন নগৰ আৰক্ষী চকীত উপস্থিত হৈ তথ্য জানিবলৈ চেষ্টা কৰাত মিলন নগৰত আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই একপ্ৰকাৰে আটক কৰা যুৱকৰ পক্ষ লৈ সাংবাদিকক দুৰ্ব্যৱহাৰ কৰে। মিলন নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই তথ্য জানিবলৈ অহা সাংবাদিকক থানাৰ বাহিৰ হবলৈ হুমুকিয়াই দুৰ্ব্যৱহাৰ কৰাৰ লগতে নিজৰ চৰকাৰী পোছাক খুলি, সাংবাদিকক সেই পোচাক পিন্ধি এই ঘটনাৰ তদন্ত কৰি লবলৈকো পৰামৰ্শ দিয়াত সকলো হতভম্ব হয়। আনহাতে সাংবাদ মাধ্যমৰ আগত কান্দি কান্দি ন্যায় বিচাৰে ভুক্তভোগী মহিলাই। মহিলাগৰাকীয়ে আৰক্ষীক গোচৰ দিয়াৰ পাছতে আৰক্ষীয়ে চি চি টিভি আৰু মহিলাগৰাকীৰ ভাষ্যৰ ভিত্তিত দুজন যুৱকক আটক কৰিছিল যদিও সাংবাদিকক তথ্য প্ৰদান কৰাৰ পৰা বিৰত আছিল।সমগ্ৰ ঘটনা সন্দৰ্ভত চেটেলাইট চেনেলত সৰ্বিশেষ সম্প্ৰচাৰ হৈছিল আৰু ইয়াৰ পাছতে দুজন যুৱকক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। স্বাভাৱিকতেই সম্ভ্ৰান্ত এলেকা বুলি সৰ্ব্ব পৰিচিত মিলন নগৰ তথা নৱগঠিত ডিব্ৰুগড় মহানগৰত মহিলাৰ নিৰাপত্তা নোহোৱা বিষয়টোৱে শেহতীয়াকৈ আৰক্ষীৰ ফোপোলা চৰিত্ৰটো স্পষ্টকৈ প্ৰকাশ পাইছে।
প্ৰেৰক বিভাস দুৱৰা