নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত ৱান ৱে পথক লৈ শ শ লোকৰ প্ৰতিবাদত উত্তাল ৰাজপথ

বিশেষ বাৰ্তা, ১০ নৱেম্বৰঃ ডিব্ৰুগড়ত জিলা প্ৰশাসনৰ হঠকাৰী,অৱিবেচক আৰু অবিজ্ঞানসন্মত সিদ্ধান্তৰ বিৰুদ্ধে আজি উলাই আহিল শ-শ ৰাইজ।ডিব্ৰুগড়ৰ অতি গুৰুত্বপূৰ্ণ অসম চিকিৎসা মহাবিদ্যালয়ৰ সংযোগী মূল পথটো ‘ৱান ৱে’ কৰাত ৰোগীকে ধৰি স্থানীয় জনসাধাৰণ ব্যাপক সমস্যাৰ সন্মুখীন হোৱা লগতে এনে সিদ্ধান্ত বাতিলৰ দাবীত আজি বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰা হয়।অসম চিকিৎসা মহাবিদ্যালয়লৈ যোৱাৰ পথত ৱান ৱে পথৰ ব্যৱস্থাৰ বাবে অসম মেডিকেল কলেজলৈ যোৱা দূৰণিবটীয়া ৰোগীৰ ক্ষেত্ৰত ব্যাপক অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে।যাৰ বাবে ক্ষুদ্ৰ ব্যৱসায়ী আৰু তিনিচকীয়া যাত্ৰীবাহী বাহনৰ চালকসকল লোকচানৰ সন্মুখীন হ’বলগীয়া হোৱাৰ লগতে ৰোগীৰ অভিভাৱক সকলো সমস্যাৰ সন্মুখীন হৈছে।আনহাতেদি অত্যাধিক ব্যয় বহন কৰি জনসাধাৰণৰ লগতে ৰোগীৰ অভিভাৱক সকলে যাতায়ত কৰিব লগা হৈছে।ৰাইজৰ সমস্যাৰ প্ৰতি আওকাণ কৰি জিলা প্ৰশাসনে লোৱা একপক্ষীয় সিদ্ধান্তই সকলোকে বিমোৰত পেলাইছে।হিতে বিপৰীত হোৱা এনে সিদ্ধান্ত অতি শীঘ্ৰে বাতিল নকৰিলে ধাৰাবাহিক তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে স্থানীয় ৰাইজে।উল্লেখযোগ্য যে আজি সমগ্ৰ অঞ্চলটোৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখি,স্থানীয় ব্যৱসায়ী,নাগৰিক উলাই আহি জিলা প্ৰশাসনৰ এনে অবিবেচকী কাণ্ডৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like