নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুধনৈত মাৰাথন নিৰ্বাচনী প্ৰচাৰ বিজুলী কলিতা মেধিৰ

নিয়মীয়া বাৰ্তা, ৩ মে’ : গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ দুধনৈৰ বিভিন্ন অঞ্চলত নাচি-নাচি চলাইছে জোৰদ্বাৰ নিৰ্বাচনী প্ৰচাৰ৷ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত দুটামান দিন বাকী থকা সময়ত এতিয়া নামনি অসমৰ চাৰিটা লোকসভা সমষ্টিত ৰথী মহাৰথীৰ সমাগম বাঢ়িছে৷ প্ৰতিটো দিনেই নেতা-মন্ত্ৰীয়ে চলাইছে ব্যাপক প্ৰচাৰ৷ আজি গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধীয়ে দুধনৈৰ বিভিন্ন অঞ্চলৰ লগতে গাঠিয়াপাৰাতো নিৰ্বাচনী প্ৰচাৰ চলায়৷ বিজেপি প্ৰাৰ্থী বিজুলি কলিতা মেধিয়ে ৰাভা হাছঙৰ মুখ্যকাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ সতে ৰাইজৰ মাজত নাচি-নাচি নিৰ্বাচনী প্ৰচাৰ চলায়৷ নাচি-নাচি নিৰ্বাচনী প্ৰচাৰ চলোৱাত সৰ্ব-সাধাৰণ ৰাইজৰ মাজত বিশেষ আকৰ্ষিত হৈ পৰিছে প্ৰাৰ্থী বিজুলি কলিতা মেধিৰ ওপৰত৷ এনেদৰে নিৰ্বাচনৰ আগমুহুৰ্তত বিজুলী কলিতা মেধীয়ে সমষ্টিত তৎপৰতা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে৷ ৭ মে’ তাৰিখে অসমত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত বিজুলী কলিতা মেধিয়ে মাটিয়া, মাজ-জাখিলী আদিকে ধৰি কেইবাখনো গাওঁত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি দুধনৈস্থিত নিখিল ৰাভা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত তিনি ৰাভা জাতীয় সংগঠনৰ লগত আলোচনাত বহে৷ তিনি ৰাভা জাতীয় সংগঠনে ইতিমধ্যে বিজেপি মিত্ৰজোঁটক মুকলি সমৰ্থন আগবঢ়াইছে৷ প্ৰাৰ্থীগৰাকীয়ে সংগঠনৰে আলোচনা সামৰি দৃঢ় বিশ্বাসেৰে সংবাদ মাধ্যমৰ আগত কয় যে এইবাৰ নিৰ্বাচনত গুৱাহাটী সমষ্টিৰ পৰা মই জয়ী হোৱাতো এশ শতাংশ নিশ্চিত৷ আনহাতে প্ৰাৰ্থীগৰাকীয়ে পুনৰ কয় তিনি গগৈ য’তেই একলগ হৈছে, তাতেই সকলো কথা আৰু কাম ওলোট-পালট হৈ গৈছে৷ কোনো পুৰণি কৰ্মীয়ে কংগ্ৰেছত ভোট দিব বিচাৰিছিল যদিও এতিয়া তিনি গগৈ এক লগ হোৱা বাবে তেওঁলোকেও পদূম ফুলতহে টিপা মাৰি বিজেপি ক ভোট দিব৷ গুৱাহাটী সমষ্টিত তিনি গগৈয়ে চলোৱা প্ৰচাৰে বিজেপিক হে লাভাম্বিত কৰিছে৷ গুৱাহাটী সমষ্টিত ৰাভা হাছং যৌথ মঞ্চৰ ১৮টা জনগোষ্ঠীৰ ৰাইজে বিজেপিৰ সপক্ষে এটা অতি সুন্দৰ পৰিৱেশ গঢ়ি তুলিছে বুলিও কয়৷ আজি দুধনৈ বিধানসভা সমষ্টিৰ ১১টাকৈ স্থানত নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰে বিজুলী কলিতা মেধিয়ে ৷ বিজুলী কলিতা মেধিৰ প্ৰচাৰ সভাত ৰাভা হাছং যৌথ মঞ্চৰ মুখ্য আহ্বায়ক তথা ৰাভা হাছং পৰিষদৰ চিফ টংকেশ্বৰ ৰাভা, গোৱালপাৰা জিলা বিজেপিৰ সভাপতি ভৃগুৰঞ্জন ৰাভা, বিজেপি আৰু যৌথমঞ্চৰ নেতা কৰ্মী, তিনিওটা ৰাভা জাতীয় সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷

প্ৰেৰক বেনজিন বড়ো

You might also like