বিশেষ বাৰ্তা, ২৭ ছেপ্টম্বৰঃ দুদিনীয়া ভ্ৰমণসূচী লৈ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং কাইলৈ ডিব্ৰুগড়ত উপস্থিত হব। ৰাজধানী দিল্লীৰ পৰা বায়ুসেনাৰ বিশেষ বিমানেৰে উৰা মাৰি ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত বিয়লি ৪ বজাত অৱতৰণ কৰাৰ কথা। বিমানবন্দৰৰ পৰাই সেনাৰ হেলিকপ্টাৰৰ জৰিয়তে বিয়লি ৪:১০ বজাত দিনজানত থকা সেনাৰ চেকেণ্ড মাউন্টেন ডিভিজনলৈ ৰাওনা হব। সেনাৰ ছাউনীত উপস্থিত হৈ জিঅচি-৩ ক্ৰপচ্ সৈতে মত বিনিময় কৰাৰ উপৰি বিভিন্ন সেনা বিষয়াৰ সতে আলোচনাত ভাগ লৈ দিনজান সেনা ছাউনীতে নিশাটো কটাব। ২৯ ছেপ্টেম্বৰত পুৱা ৮ বজাত সেনাৰ বিশেষ হেলিকপ্টাৰৰে ড্ৰেগনৰ দেশ চীন-ভাৰত সীমান্তৰ অৰুণাচলৰ দিবাং ভেলীলৈ ৰাওনা হোৱাৰ কথা। উল্লেখ্য যে দিবাং ভেলীৰ সদৰ আনিনী আৰু আনিনীৰ পৰা কিছু নিলগতে আছে ৰঙা চীন সীমান্ত। চীনে অৰুণাচলৰ সীমান্তত বহু নিৰ্মাণ কাৰ্য চলাই থকাৰ বাতৰিয়ে সচকিত কৰি তোলাৰ সময়তে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ এনে ভ্ৰমণ যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলিও বিবেচিত হৈছে। অৰুণাচলৰ দিবাং ভেলী ভ্ৰমণ কৰি পুৱা ১০:৪৫ বজাত হেলিকপ্টাৰৰে ডিব্ৰুগড়লৈ উভতি আহিব। দুপৰীয়া ১২:১৫ বজাত মোহনবাৰী বিমানবন্দৰত অৱতৰণ কৰি দুপৰীয়া ১২:৩০ বজাত তেজপুৰলৈ বিশেষ বিমানেৰে ৰাওনা হোৱাৰ কথা। স্বাভাৱিকতেই কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডিব্ৰুগড়ত উপস্থিত হোৱাক লৈ নিৰাপত্তা কটকটীয়া কৰি তোলা হৈছে।
প্ৰেৰক বিভাস দুৱৰা