নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানৰ অইল ইণ্ডিয়াৰ কনিষ্ঠ অভিযন্তাৰ ক’ভিড ৰোগত মৃত্যু

নিয়মীয়া বাৰ্তা, ১৩ আগষ্ট: দুলীয়াজান অইল ইণ্ডিয়া লিমিটেডৰ এগৰাকী কনিষ্ঠ অভিযন্তাৰ ক’ভিড ৰোগত আক্ৰান্ত হৈ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু ঘটিছে। অইল ইলেকট্ৰিকেল বিভাগৰ অভিযন্তাগৰাকী ভোলানাথ দাস (৩৯) বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত তথ‍্য অনুসৰি কালি চিকিৎসালয়ত ভৰ্ত্তি কৰাৰ পাছত দুপৰীয়া ১১ বাজি ৫৫ মিনিটত তেওঁ শেষ নিশ্বাস এৰে। কনিষ্ঠ অভিযন্তাগৰাকীৰ প্ৰকৃত ঘৰ নাহৰকটীয়াত যদিও চাকৰিসূত্ৰে অইল আৱাসিক অঞ্চল বি এক্স কলনীৰ নিৱাসী আছিল।

You might also like