নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁৱৰ চি জি ফুড উদ্যোগ প্ৰতিষ্ঠানত ৩৭ গৰাকী ক’ভিড ৰোগী

নিয়মীয়া বাৰ্তা, ১৩ আগষ্ট: সমগ্ৰ দেশৰ লগতে ৰাজ্যত সম্প্ৰতি ক’ৰোনা মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে। কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত ছাটাবাৰীস্থ ঔদ্যোগিক কেন্দ্ৰত থকা কেইবাটাও উদ্যোগ প্ৰতিষ্ঠানত ক’ভিড-১৯ টেষ্ট পৰীক্ষা কৰি থকাৰ সময়ত ইয়াৰ কেইবাটাও উদ্যোগ প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মীৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰাত অঞ্চলবাসী আতংকিত হৈ পৰিছে। উল্লেখ্য যে উক্ত অঞ্চলত থকা বৃহৎ উদ্যোগ প্ৰতিষ্ঠান চি জি ফুডত বহুসংখ্যক কৰ্মী ক’ভিড-১৯ত আক্ৰান্ত হোৱা খবৰ পোৱা গৈছে। উক্ত প্ৰতিষ্ঠানটোত কালি ৬জনৰ দেহত ক’ভিড-১৯ পজিটিভ পোৱাৰ পিছত আজি আৰু ৩১গৰাকী কৰ্মীৰ দেহত ক’ভিড-১৯ত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। এই দুদিনতে উদ্যোগ প্ৰতিষ্ঠানটোত মুঠ ৩৭গৰাকী ক’ভিড-১৯ আক্ৰান্ত ৰোগী পোৱা যায়। কিন্তু এই প্ৰতিষ্ঠানটোত ইমানকেইজন ক’ভিড পজিটিভ ৰোগী ওলোৱাৰ পিছতো উদ্যোগটোৰ কৰ্তৃপক্ষই এই মুহূৰ্তলৈকে উদ্যোগটোৰ কাম-কাজ বন্ধ কৰা নাই, যাৰ বাবে উদ্যোগটোত কৰ্মৰত প্ৰায়বোৰ কৰ্মী ক্ষোভিত হৈ পৰিছে। আনহাতে স্থানীয় লোকসকলেও উদ্যোগটোৰ পৰা ক’ভিড ৰোগীৰ গণসংক্ৰমণ হোৱাৰ আশংকাত শংকিত হৈ পৰিছে। সেয়েহে গণ সংক্ৰমণ হোৱাৰ আগতে উদ্যোগটোৰ কাম-কাজ বন্ধ ৰাখিবলৈ স্থানীয় লোকসকলে প্ৰশাসনক দাবী জনাইছে। উক্ত প্ৰতিষ্ঠানটো প্ৰশাসনে বন্ধ কৰিবলৈ সক্ষম হ’ব নে নহয় সেয়া সময়তহে হ’ব লক্ষণীয়।

You might also like