সোৱণশিৰি–ডিক্রঙৰ পাৰত পক্ষীৰ জলকেলি
নিয়মীয়া বার্তা, ২৯ এপ্রিলঃ জীৱ শ্রেষ্ঠৰ গৃহবন্দিত্বৰ সুযোগতে এতিয়াও নির্ভয়ে বিচৰণ কৰিছে পশু–পক্ষীসমূহে৷ প্রাকৃতিক পৰিৱেশ সুন্দৰ কৰি ৰখা পশুকুলৰ লগতে পক্ষীকুলেও সম্প্রতি জলাশয়, নদ–নদী কিম্বা খাল–বিলসমূহত আনন্দ মনেৰে বিচৰণ কৰিছে৷ শংকা আৰু সংশয়বিহীনভাৱে খাদ্যৰ সন্ধানত বিচৰণ কৰা পক্ষীকুলে এতিয়া জাকপাতি মুক্তমনে জিৰণি লৈছে৷
ৰাজ্যৰ বিভিন্ন প্রান্তত এতিয়া এনে ছবি সুলভ হোৱাৰ সমান্তৰালকৈ লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ ডিক্রং আৰু সোৱণশিৰি পাৰতো বিৰাজিছে জাক–জাক চিনাকি–চিনাকি পক্ষীয়ে৷ ঘণ্টাৰ পিছত ঘণ্টা ধৰি জিৰণি লোৱা এই পক্ষীৰ জাকসমূহ চাবলৈ কোনো লোক নাই অহা৷ যাৰ বাবে শংকাবিহিনভাৱে জিৰণি লৈছে এই চৰাইবোৰে৷
পূর্বেও ডিক্রং আৰু সোৱণশিৰিৰ পাৰৰ জলাশয়সমূহলৈ পৰিভ্রমী পক্ষী আহে যদিও মার্চ মাহৰ মাজভাগতে পৰিভ্রমী পক্ষীয়ে ওভটনি যাত্রা আৰম্ভ কৰে৷ কিন্তু এইবাৰ এক বিপৰীত ছবিহে পৰিলক্ষিত হৈছে৷ আজি পর্যন্ত বহু প্রজাতিৰ চিনাকি–চিনাকি পক্ষীৰ জাক বিহপুৰীয়াৰ জলাশয়সমূহত পৰিলক্ষিত হৈছে৷
উল্লেখ্য যে পূর্বে এনেধৰণৰ পৰিভ্রমী পক্ষীক একাংশ বিকৃত মানসিকতাৰ মানুহে ধনুকাঁড় নতুবা কেটেপাৰে নিধন কৰি আসুৰিক তৃপ্তি লাভ কৰিছিল৷ কিন্তু এইবাৰ সকলো মানুহ ক’ৰোনাৰ ভয়ত ঘৰতে বন্দী হৈ আছে৷ সেয়েহে নিশ্চিন্তে পৰিভ্রমী পক্ষীয়ে নৈপৰীয়া জলাশয়সমূহত বর্তমানেও অৱস্থান কৰিছে৷
সমান্তৰালভাৱে সোৱণশিৰিৰ চৰচাপৰিসমূহতো এনে বহু প্রজাতিৰ পক্ষী জাক পাতি খাদ্য বিচৰণত ব্যস্ত আছে৷ আৰু পক্ষীৰ কলকলনিত সোৱণশিৰিৰ পাৰত বিৰাজ কৰিছে এক নান্দনিক পৰিৱেশ৷ দুই–এজাক বৰষুণ আৰু ৰিবৰিবকৈ বলি থকা কোমল বতাহৰ মাজত বালিচৰত পক্ষীৰ বিচৰণে যেন অতি মনোমোহা কৰি তুলিছে সোৱণশিৰিৰ ইপাৰ–সিপাৰ৷