আজি পোহৰৰ উৎসৱ দীপাৱলীঃ প্ৰতিকূল বতৰত ম্লান উৎসৱৰ আনন্দ
নিয়মীয়া বাৰ্তা, ২৫ অক্টোবৰ: সমাজৰ অশুভ শক্তিক নাশ কৰি শান্তি–সম্প্রীতি–একতা বার্তা কঢ়িয়াই আজি সমগ্র দেশৰ লগতে ৰাজ্যজুৰি উদযাপন কৰা হ’ব পোহৰৰ উৎসৱ দীপাৱলী৷ দেশজুৰি পালন কৰা উৎসৱসমূহৰ ভিতৰত অন্যতম দীপাৱলীৰ আছে সুকীয়া মাদকতা৷ পোহৰৰ উৎসৱ দীপাৱলী মানেই যেন আনন্দৰ উৎসৱ৷ সোমবাৰে কালীপূজা পালনৰ লগতে আজি দীপাৱলী উপলক্ষে ঘৰে ঘৰে সন্ধিয়া বন্তি প্রজ্বলন কৰা হ’ব৷ ফটকা, আতচবাজীৰ শব্দৰে মুখৰিত হৈ পৰিব ৰাজ্যৰ আকাশ–বতাহ৷
দীপাৱলী উপলক্ষে ৰঙীন আলোকসজ্জাৰে বাসগৃহ, ব্যৱসায়িক প্রতিষ্ঠান–দোকান–পোহাৰ, চৰকাৰী–বেচৰকাৰী কার্যালয় আদি সজাই–পৰাই তোলা হৈছে৷ আজি সন্ধিয়াৰ লগে লগে পদূলিমুখৰ লগতে বাসগৃহত চাকি–বন্তি জ্বলাই দীপাৱলী উদযাপন কৰা হ’ব৷ ইতিমধ্যে মাটিৰ চাকি, ফটকা, আতচবাজী, ৰঙীন পোহৰৰ সামগ্রী আদিকে ধৰি বিভিন্ন সামগ্রীৰে বজাৰ উভৈনদী হৈ পৰিছে৷ ৰাজ্যৰ আন প্রান্তৰ লগতে মহানগৰীৰ উলুবাৰী, গণেশগুৰি, মালিগাঁও আদি অঞ্চলত মাটিৰ চাকি, কলগছ আদিৰে ভৰি পৰিছে৷ বহিঃৰাজ্যৰ পৰা অহা ফটকা, আতচবাজীৰ লগতে বৰপেটাৰ আতচবাজীও মহানগৰীৰ বজাৰত উপলব্ধ হৈছে৷ অৱশ্যে প্রতিকূল বতৰৰ বাবে এইবাৰ দীপাৱলীৰ উৎসাহ কিছু পৰিমাণে ম্লান পৰা পৰিলক্ষিত হৈছে৷
পোহৰৰ উৎসৱ দীপাৱলী কালীপূজাৰ এদিন পাছত উদ্যাপন কৰা হয় যদিও ৰাজ্যজুৰি কালীপূজাৰ দিনটোৰ পৰা ইয়াৰ উৎসাহ–উদ্দীপনা পৰিলক্ষিত হয়৷ কিন্তু আজি পুৱাৰে পৰা অব্যাহত থকা কিনকিনিয়া বৰষুণৰ বাবে দীপাৱলীৰ আনন্দত কিছু বাধা–বিঘিনি ঘটা পৰিলক্ষিত হৈছে৷ দীপাৱলীৰ আনন্দ উপভোগৰ বাবে সন্ধিয়াৰ সময়ত ওলাই অহাৰ পৰিৱর্তে বৰষুণৰ বাবে ৰাজ্যবাসী ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে৷ ইয়াৰ মাজতে পৰম্পৰা ৰক্ষা কৰি দীপাৱলীৰ আনন্দ উপভোগ কৰিবলৈ সম্পূর্ণৰূপে ৰাজ্যবাসী সাজু হৈ উঠিছে৷