নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰুপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ মহানুভৱতা দীপান্বিতা উৎসৱত ব্যৱহৃত কলগছ মানাহৰ হাতীক খাদ্য হিচাপে ধৰিলে যোগান

নিয়মীয়া বাৰ্তা ,৬ নৱেম্বৰঃ দীপান্বিতা উৎসৱত ব্যবহৃত বহু পৰিমাণৰ কলগছ আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিচিত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ হাতীক খাদ্য ‌হিচাপে যোগান ধৰিলে সৰুপেটা আঞ্চলিক ছাত্ৰ সন্থাই।দেখাত ক্ষুদ্ৰ হলেও সংগঠনটোৰ কৰ্মকৰ্ত্তাসকলৰ এই পদক্ষেপক সযময়োচিত আৰু আদৰণীয় হিচাপে আখ্যা দি অঞ্চলটোৰ বহু সচেতন লোকে তেওঁলোকক প্ৰশংসাৰে ওপচাই দিয়া পৰিলক্ষিত হৈছে।অঞ্চলটোত এয়া এক সুন্দৰ আৰম্ভণি আৰু জীৱ-জন্তুৰ প্ৰতি সহমৰ্মিতা প্ৰকাশৰ নিদৰ্শন বুলিও মন্তব্য কৰিছে অঞ্চলটোৰ বহু সচেতন লোকে।

উল্লেখ্য,বৃহত্তৰ কৃষিপ্ৰধান অঞ্চলটোত কালি সামৰণি পৰা দীপান্বিতা উৎসবৰ পিছতেই ছাত্ৰ সংগঠনটোৰ প্ৰায় ১৫ জনীয়া এটা কৰ্মীৰ দলৰ প্ৰত্যেকেই নিজৰ গাঁঠিৰ ধন খৰছ কৰি দুখন মাল কঢ়িওৱা ভান আৰু এখন ট্ৰেক্টৰৰ সহায়ত অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা কলগছবোৰ সংগ্ৰহ কৰি আনে আৰু তাৰ পিছতেই বিশ্ব প্ৰসিদ্ধ মানাহ ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হয়।তাৰ পিছতেই উদ্যানখনৰ বিভিন্ন কাৰ্যত নিয়োজিত পোহনীয়া হাতীসমূহক ৰখাৰ বাবে নিৰ্মিত হাতীৰ আবাসস্থান ‘মহলজান’ত গৈ ছাত্ৰ সংগঠনটোৰ কৰ্মীসকল উপস্থিত হয় আৰু উদ্যানখনৰ বিষয়া- কৰ্মচাৰী আৰু হাতীৰ মাউতসকলৰ সহায়ত কঢ়িয়াই নিয়া কলগছসমূহ হাতীক খাদ্য হিচাপে যোগান ধৰে।উল্লেখ্য, আজিৰ এই অভিযানত সৰুপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ পোন্ধৰ জনীয়া দলটোক নেতৃত্ব দিছিল সন্থাৰ সভাপতি ৰূপাংকন দাসে।

You might also like