নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাপুৰত দিছপুৰ বিধান পৰিষদৰ উদ্যোগত অগপৰ প্ৰতিষ্ঠা দিৱস পালন

বিশেষ বাৰ্তা, ১৪ অক্টোবৰঃ দিছপুৰ বিধান পৰিষদৰ উদ্যোগত তথা নৰতাপ পঞ্চায়ত পৰিষদৰ সহযোগত সোণাপুৰৰ নৰতাপ লক্ষ্মী মন্দিৰ খেলপথাৰত আজি দিনজোৰা কাৰ্য্যসূচীৰে অসম গণ পৰিষদৰ ৩৮সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰা হয়। সেই উপলক্ষে পুৱাৰ ভাগত উলিওৱা এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাই মুখৰিত কৰে সমগ্ৰ অঞ্চল। ইয়াৰ পিছতে দিছপুৰ বিধান পৰিষদৰ সভাপতি শ্ৰীকান্ত ডেকাৰ লগতে বিধান পৰিষদৰ অন্তৰ্গত বিভিন্ন প্ৰান্তৰ ৩৮ বিশিষ্ট ব্যক্তিয়ে ৩৮খনকৈ অসম গণ পৰিষদৰ পতাকা উত্তোলন কৰাৰ পিছতে অনুষ্ঠিত হয় শ্বহীদ তৰ্পণ,সতীৰ্থ সোঁৱৰণ,সৰ্বধৰ্মীয় প্ৰাৰ্থনাকে ধৰি কেইবাটাও কাৰ্যসূচী। ইয়াৰ পিছতে দিনৰ ১ বজাত দিছপুৰ বিধান পৰিষদৰ সভাপতি শ্ৰীকান্ত ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হয় এখনি মুকলি সভা। সভাত জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে মূখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে বিশিষ্ট অতিথি হিচাপে অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ জ্যেষ্ঠ ভাতৃ প্ৰিয়নাথ তালুকাদাৰ, কণ্ঠ শিল্পী ভৃগু কাশ্যপ, অসম গণ পৰিষদৰ মুখপাত্ৰ ড০ তপন দাস, অসম মহিলা পৰিষদৰ সম্পাদিকা বিভামণি দেৱী, দিছপুৰ মহিলা পৰিষদৰ সভানেত্ৰী দীপামণি বৰুৱাকে প্ৰমুখ্য কৰি অগপৰ কেইবাগৰাকীও নেতা উপস্থিত থাকে। সভাত অগপৰ মুখপাত্ৰ ড°তপন দাসে ভাষণ প্ৰসংগত কয় যে অগপৰ কাৰ্য্যকৰ্তা সকলে দলটোক আৰু অধিক শক্তিশালী ৰূপত আগবঢ়াই নিবলৈ নিজকে সমৰ্পিত কৰিব লাগিব। অগপৰ দিছপুৰ বিধান পৰিষদ সাংগঠনিক ভাৱে শক্তিশালী আৰু কাৰ্য্যকৰ্তা সকলে কোনো ধৰণৰ ব্যক্তিগত লাভা-লাভৰ প্ৰতি মোহ নাৰাখি দলৰ হৈ বৰ্তমানেও কাম কৰি আহিছে লগতে ৰাজ্যত বৰ্তমানৰ অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তৰ নেতৃত্বত অধিক শক্তিশালী কৰি তুলিবলৈয়ো প্ৰচেষ্টা হাতত লোৱাৰ কথা উল্লেখ কৰে। ইপিনে এই মুকলি সভাতে অগপৰ  কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অৰ্ধশতাধিক জ্যেষ্ঠ সতীৰ্থকো বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়।

You might also like