মৰিয়নিত জন আৰোগ্য যোজনাৰ আয়ুষ্মান অসম কাৰ্ড বিতৰণ
- প্ৰতিজন লোকক এই সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান
নিয়মীয়া বাৰ্তা, ২৪ মে’: আৰ্থিক ভাবে দুৰ্বল লোকক বিনামূলীয়াকৈ চিকিৎসা প্ৰদানৰ উদ্দেশ্যৰে অসম চৰকাৰে মুখ্যমন্ত্ৰীৰ জন আৰোগ্য যোজনাৰ অন্তৰ্গত আৰম্ভ কৰা আয়ুষ্মান অসমৰ কাৰ্ড প্ৰদানৰ শুভাৰম্ভনি আজি মৰিয়নিত কৰা হয় । এই উপলক্ষ্যে মৰিয়নিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি যোৰহাট জিলাৰ উপায়ুক্ত পুলক মহন্ত আৰু মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ উপস্থিতিত আয়ুষ্মান অসম কাৰ্ড প্ৰদান কৰা হয় । নকছাৰি স্বাস্থ্য খণ্ড আঁচনি প্ৰবন্ধক মৃণালজিত ভূঞাই আঁত ধৰা অনুষ্ঠানটোত যোৰহাট জিলাৰ উপায়ুক্ত পুলক মহন্ত আৰু বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বন্তি প্ৰজ্বলন কৰি কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে । মুখ্যমন্ত্ৰীৰ জন আৰোগ্য যোজনাৰ অন্তৰ্গত আয়ুষ্মান অসম কাৰ্ডৰ সূবিধা লবলৈ জিলা খনৰ আৰ্থিক ভাবে দুৰ্বল প্ৰতিজন লোকক আহ্বান জনায় উপায়ুক্ত পুলক মহন্তই । উপায়ুক্ত গৰাকীয়ে এই সন্দৰ্ভত অসম চৰকাৰৰ জন আৰোগ্য যোজনাৰ আয়ুষ্মান অসমৰ কাৰ্ডৰ পৰা হিতাধিকাৰীজনে পাঁচ লাখ টকাৰ স্বাস্থ্য বীমা পলিচিও লাভ কৰিব। যি কোনো অসুখৰ ক্ষেত্ৰত প্ৰযোজ্য হব লগা এই কাৰ্ডৰ হিতাধিকাৰীজনে চিকিৎসাৰ বাবদ ৰাজ্যৰ বাহিৰলৈ যাব লগা হলে অহা যোৱাৰ বাবদ ৩০ হাজাৰ টকা লাভ কৰাৰ লগতে দৈনিক খৰছৰ বাবে ৩০০০ টকাকৈ প্ৰদান কৰা হব বুলিও তেওঁ জানিবলৈ দিয়ে । ই-কে ৱাই চিৰ জড়িয়তে হিতাধিকাৰিয়ে আশা কৰ্মী বা এম পি ডব্লিউৰ যোগেদি আয়ুষ্মান অসম কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব । ই-কে ৱাই চি নকৰা লোকে আধাৰ কাৰ্ড আৰু ৰেছন কাৰ্ড দিলেও আয়ুষ্মান অসম কাৰ্ড লাভ কৰিব বুলি উপায়ুক্তজনে উল্লেখ কৰি সেয়েহে প্ৰতিজন লোকক অসম চৰকাৰৰ এই অভিলাষী আঁচনিৰ সৈতে জড়িত হ’বলৈও উপায়ুক্ত মহন্তই আহ্বান জনায় । আনহাতে, বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি অসম চৰকাৰে আৰম্ভ কৰা এই আয়ুষ্মান অসমে ৰাজ্যখনৰ সকলকো লোককে উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে । উক্ত অনুষ্ঠানতে ১৫ জন হিতাধিকাৰীক আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনৰ আয়ুষ্মান কাৰ্ড প্ৰদান কাৰ্য্যৰ শুভাৰম্ভ কৰা হয় । বিহু, ঝুমুৰ, সত্ৰীয়া নৃত্য আদি প্ৰদৰ্শন হোৱা আয়ুষ্মান অসম কাৰ্ড বিতৰণ কাৰ্যসূচীত তিতাবৰ মহকুমাৰ মহকুমাধিপতি ৰাহুল গুপ্তা, মৰিয়নি ৰাজহ চক্ৰৰ ভাৰপ্ৰাপ্ত চক্ৰ বিষয়া অংকিতা দত্ত, জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ শশীধৰ ফুকন, বাঘচোং উন্নয়ন খণ্ডৰ খণ্ড স্বাস্থ্য বিষয়া ডাঃ গনেশ শৰ্মা, কাটনি জিলা পৰিষদৰ সদস্য প্ৰদীপ দত্তকে প্ৰমুখ্যে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
দিব্যজ্যোতি শইকীয়া