তিতাবৰ মহকুমা অনুসূচিত জাতি উন্নয়ন ব’ৰ্ডৰ পদক্ষেপ; ছাত্ৰী-ছাত্ৰীক বিভিন্ন সামগ্ৰী বিতৰণ
নিয়মীয়া বাৰ্তা, ২ এপ্ৰিল : তিতাবৰ মহকুমাৰ অনুসূচিত জাতি উন্নয়ন ব’ৰ্ডে আজি বেকাজানত বহুসংখ্যক ছাত্র-ছাত্ৰীৰ মাজত বিভিন্ন সামগ্ৰী বিতৰণ কৰে। বেকাজান ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানত বৃহত্তৰ বেকাজান আৰু নগাবাট অঞ্চলৰ কেইবাখনো বিদ্যালয়ৰ ১৬৯ গৰাকী অনুসূচিত জাতিৰ ছাত্ৰী-ছাত্ৰীক জোতা, ট্ৰেক চ্যুট, স্কুল বেগ, পানীৰ ফ্লাক্স আদি বিতৰণ কৰে। বিতৰণৰ পূৰ্বে বহু সংখ্যক ছাত্র-ছাত্ৰী, অভিভাৱক আৰু স্থানীয় সচেতন ব্যক্তিৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয়।
তিতাবৰ মহকুমা অনুসূচিত জাতি উন্নয়ন ব’ৰ্ডৰ সদস্য সঞ্জীৱ হাজৰিকাই আঁত ধৰা সভাত ব’ৰ্ডৰ অধ্যক্ষ নিতুল চন্দ্ৰ দাস, ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিপুল কছাৰী, বৰহোলা সাংবাদিক সন্থাৰ সম্পাদক অজয় শইকীয়া, বিজেপি মিডিয়া কোষৰ ভাস্কৰ বৰচেতিয়া, তিতাবৰ মহকুমা অনুসূচিত জাতি উন্নয়ন ব’ৰ্ডৰ সদস্য বিপুল দাস আদি উপস্থিত থাকে। সভাত ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিপুল কছাৰী আৰু তিতাবৰ মহকুমা অনুসূচিত জাতি উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ নিতুল চন্দ্ৰ দাসে ছাত্ৰ-ছাত্ৰীক উদ্দেশি উপদেশমূলক চমু বক্তব্য প্ৰদান কৰে। অনুসূচিত জাতি উন্নয়ন ব’ৰ্ডৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক সকাহ দিবলৈ অসম চৰকাৰে গ্ৰহণ কৰা এনে পদক্ষেপে ছাত্র-ছাত্ৰীৰ লগতে অভিভাৱক সকলক যথেষ্ট উৎসাহিত কৰিছে বুলি জানিবলৈ দিয়ে। আনহাতে তিতাবৰ মহকুমাৰ টিপমীয়াতো প্ৰায় অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰী আজি এনেধৰণৰ সামগ্ৰী বিতৰণ কৰে।
প্ৰেৰক : অজয় শইকীয়া, নগাবাট