নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাউন টাউন বিশ্ববিদ্যালয়–নেটাৰ বুজাবুজি চুক্তি

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ চাহ খণ্ডত গৱেষণা, নতুন দিশৰ সন্ধান আদিৰ ক্ষেত্রত প্রজন্মৰ গৱেষকসকলক উৎসাহী কৰি তুলি তেওঁলোকক সুবিধা প্রদান কৰাৰ উদ্দেশ্যে অসম ডাউন টাউন বিশ্ববিদ্যালয় আৰু নর্থ–ইষ্টার্ন টী এছ’চিয়েচন চমুকৈ নেটাৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়৷ যোৱা ৫ ফেব্রুৱাৰীত গুৱাহাটীৰ অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ বাকৰিত এই বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়৷

অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ হৈ উপাচার্য ড০ এন চি তালুকদাৰ আৰু নর্থ–ইষ্টার্ন টী এছ’চিয়েচনৰ হৈ অধ্যক্ষ সুনীল জালানে চুক্তি স্বাক্ষৰিত কৰে৷ তিনি বছৰ ম্যাদৰ এই বুজাবুজিৰ চুক্তিত দুয়োটা পক্ষই ৰাজ্যৰ চাহ খণ্ডক এক নতুন গতিশীলতা প্রদান কৰাৰ উদ্দেশ্যে গৱেষণাৰ সুবিধা প্রদান, বিদ্যালয়–মহাবিদ্যাল্ পর্যায়ত বিভিন্ন সময়ত চাহ সম্বন্ধীয় ৰাষ্ট্রীয় তথা আন্তঃৰাষ্ট্রীয় পর্যায়ৰ কর্মশালা, প্রতিযোগিতা অনুষ্ঠিত কৰা আদি কার্যসূচী হাতত লোৱাৰ পোষকতা কৰি বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰে৷

আনহাতে, নর্থ–ইষ্টার্ন টী এছ’চিয়েচন চমুকৈ নেটাৰ অধ্যক্ষ সুনীল জালানে ১৯৮১ চনতে গোলাঘাটত প্রতিষ্ঠা লাভ কৰা এই চাহ সংস্থাটোৰ বিষয়ে সকলোকে অৱগত কৰায়৷ ইফালে, নেটাৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিয়ে এই বুজাবুজিৰ চুক্তি সন্দর্ভত নিজৰ প্রতিক্রিয়া প্রকাশ কৰি কয় যে এই চুক্তিয়ে অসম ডাউন টাউন বিশ্ববিদ্যালয় আৰু নেটাৰ মাজত এক সুসম্পর্ক গঢ়ি তোলাৰ লগতে চাহৰ ক্ষেত্রত গৱেষণা তথা নতুন দিশৰ সন্ধানত বিশ্ববিদ্যালয়খনে আগবঢ়োৱা পৰিৱেশে এক ইতিবাচক প্রভাৱ বিস্তাৰ কৰিব৷

You might also like