অসম চৰকাৰৰ উচ্চ শিক্ষাৰ প্ৰাক্তন সঞ্চালক ড০ বিনয় কুমাৰ নাথৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ৫ ফ্ৰেব্ৰুৱাৰীঃ অসম চৰকাৰৰ প্ৰাক্তন উচ্চ শিক্ষা বিভাগ, প্ৰাথমিক শিক্ষা বিভাগ, ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অনানুষ্ঠানিক আৰু প্ৰাক্তবয়স্ক বিভাগৰ প্ৰাক্তন সঞ্চালক, গুৱাহাটী কৰ্মাচ কলেজৰ প্ৰাক্তন প্ৰবক্তা ড° বিনয় কুমাৰ নাথৰ কালি নিশা ২ বজাত পৰলোকপ্ৰাপ্তি হয়।
গোৱালপাৰা জিলাৰ বগুৱানত জন্ম হোৱা নাথে বগুৱানত প্ৰাথমিক শিক্ষা, গোৱালপাৰা কলেজত স্নাতক, গুৱাহাটী বিশ্ববিদ্যালয়ত অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভৰ পাছতেই দৰং কলেজত অধ্যাপনাৰে কৰ্মজীৱন আৰম্ভ কৰি পাছলৈ গুৱাহাটী কৰ্মাচ কলেজৰ অধ্যাপক, শিক্ষা বিভাগৰ বহুকেইটা বিভাগৰ সঞ্চালক পদত কাৰ্যনিৰ্বাহ কৰি ২০১২ চনত অৱসৰ গ্ৰহণ কৰে।
গুৱাহাটীৰ নবীন নগৰত প্ৰায় ৪৫ বছৰ ধৰি বসতি কৰা নাথৰ কালি শৰীৰ হঠাতে অসুস্থ হৈ পৰাত চিকিৎসালয়লৈ নিয়া হয় যদিও নিশা শাৰীৰিক অৱস্থাৰ অধিক অৱনতি হৈ মৃত্যুক সাৱটি লয়।আজি তেওঁৰ মৃতদেহ জন্মস্থান গোৱালপাৰাৰ বগুৱানলৈ আনি তাতে শেষকৃত্য সমাপন কৰা হয়।
নাথৰ মৃত্যুত অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সভাপতি ড০ দীনেশ কাকতি নাথ, কাৰ্যকৰী সভাপতি প্ৰশান্ত নাথ, প্ৰধান সম্পাদক অজিত নাথকে ধৰি কাৰ্যনিৰ্বাহকে গভীৰ শোক প্ৰকাশ কৰিছে আৰু আত্মাৰ সদগতি কামনা কৰিছে।