নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত ক’ভিড পৰিস্থিতিৰ বুজ ল’লে শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে

কৰোণাৰ দ্বিতীয়টো ঢৌৱে অসমত ত্ৰাসৰ সৃষ্টি কৰিছে। এই সংক্ৰমণ ৰোধ কৰাৰ বাবে  ৰাজ্যচৰকাৰ তৎপৰ হৈ পৰিছে। শুকুৰবাৰে সন্ধিয়া প্ৰায় ৫.৩০ বজাত ক’ভিড পৰিস্থতিৰ বুজ ল’বলৈ জোনাইলৈ আহিল  নৱ নিযুক্ত শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ক’ভিডৰ পৰিস্থিতি বুজ ল’বলৈ লক্ষীমপুৰ ধেমাজি, চিলাপথাৰ লগতে জোনাইলৈ আহিল মন্ত্ৰী ডাঃ ৰনোজ পেগু। শিক্ষামন্ত্ৰীগৰাকীয়ে জোনাইত উপস্থিত হৈ জোনাই আৱৰ্ত ভৱনত এখনি ক’ভিড সম্পৰ্কীয় আলোচনাত মিলিত হয়।

ইয়াৰ পিছতে ৩০ খন বিচনাযুক্ত কভিড ৱাৰ্ডত ভ্ৰমণ কৰি চিকিৎসালয়খনৰ সা -সুবিধাৰো বুজ লয় মন্ত্ৰীগৰাকীয়ে । জোনাই মহকুমাত ঔষধ পৰ্যাপ্ত আছে, কিন্তু ৰোগীৰ কাৰণে ৩০ খন বিচনা আছে যদিও অক্সিজেন যুক্ত বিচনা মাত্ৰ দুখন আছে গতিকে অতি শীগ্ৰে ২০ খনলৈ অক্সিজেন যুক্ত বিচনা বৃদ্ধি কৰা ব্যৱস্থা কৰা হব বুলি মন্তব্য কৰে৷

You might also like