নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাটৰ ক’ভিড পৰিস্থিতিৰ বুজ মন্ত্ৰী অতুল বৰাৰঃ অক্সিজেনৰ যোগান নিয়মীয়া কৰাৰ নিৰ্দেশ

অধিক ক'ভিড ৰোগী চিনাক্ত কৰিব পৰাকৈ পৰীক্ষাৰ সংখ্যা বৃদ্ধিত গুৰুত্ব আৰোপ

নিয়মীয়া বাৰ্তা, ১৪ মে’: ৰাজ্য চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰা আজি গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় চৌহদত জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে জিলাখনৰ ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে । তেওঁ ক’ভিড চিকিৎসালয়ত অক্সিজেনৰ নিয়মীয়া যোগান সুনিশ্চিত কৰাৰ বাবে নিৰ্দেশ দিয়ে । লগতে জৰুৰী অৱস্থাত ব্যৱহাৰ কৰিব পৰাকৈ অক্সিজেন মজুত ৰখাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে । এই সন্দৰ্ভত জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীয়ে কয় যে নুমলীগড় শোধনাগাৰ লিমিটেডৰ সৈতে ইতিমধ্যে জিলা প্ৰশাসনে অক্সিজেন উৎপাদন তথা যোগানৰ বাবে আলোচনা সম্পন্ন কৰিছে । মন্ত্ৰী বৰাই ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধিৰ লগে লগে অভাৱ-অভিযোগ বৃদ্ধি পাব বুলি মত প্ৰকাশ কৰি কয় যে এই বিষয়সমূহ প্ৰশাসন তথা জিলা স্বাস্থ্য বিভাগে গুৰুত্বসহকাৰে ল’ব লাগিব ।

আনহাতে অক্সিজেন চিলিণ্ডাৰক লৈ গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত সৃষ্টি হোৱা খেলিমেলি সন্দৰ্ভত তেওঁ এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নঘটে তাৰ বাবে ভৱিষ্যতে সতৰ্ক হ’বলৈ চিকিৎসালয়খনৰ অধীক্ষকক নিৰ্দেশ দিয়ে । মন্ত্ৰীগৰাকীয়ে ক’ভিডৰ নিৰ্দেশনাসমূহক লৈ জিলাখনৰ আইন-শৃংখলা পৰিস্থিতিৰো বুজ লয় । তেওঁ অধিক ৰোগী চিনাক্ত কৰিব পৰাকৈ দৈনিক পৰীক্ষাৰ সংখ্যা বৃদ্ধিৰ বিষয়ত গুৰুত্ব আৰোপ কৰে । এইক্ষেত্ৰত জিলা স্বাস্থ্য বিভাগে মন্ত্ৰীগৰাকীক অৱগত কৰায় যে বৰ্তমান জিলাখনত ছহাজাৰ টা পৰীক্ষা কিট আছে আৰু দৈনিক ৩,৫০০ টা ৰেপিড এন্টিজেন টেষ্ট আৰু ৫০০টা আৰ টি পি চি আৰ কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । মন্ত্ৰী গৰাকীয়ে চাহ বাগিচা এলেকাৰ কণতেইনমেণ্ট জ’নসমূহৰ বিষয়েও বুজ লয় । জিলা উপায়ুক্তগৰাকীয়ে এই সন্দৰ্ভত কয় যে কনতেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা চাহ বাগিচা এলেকাৰ অধিকাংশ লোকেই দিন হাজিৰা কৰা লোক । সেয়েহে তেওঁলোকক সাহায্য প্ৰদান কৰিব পাৰিলে তেওঁলোকে যথেষ্ট সকাহ পাব ।

আনহাতে প্ৰতিষেধক প্ৰদানৰ বাবে আহল-বহল ঠাই বাছি ল’বলৈয়ো মন্ত্ৰীগৰাকীয়ে পৰামৰ্শ আগবঢ়ায় । বৈঠকত অংশ লৈ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই চিনাক্ত হোৱা ক’ভিড ৰোগী আৰু আৰোগ্য হোৱা ক’ভিড ৰোগীৰ বাবে চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ এম্বুলেন্স সেৱাৰ ব্যৱস্থা কৰাৰ বিষয়টোত গুৰুত্ব আৰোপ কৰে । তেওঁ দিনৰ ১২ বজাৰ ভিতৰত ক’ভিডমুক্ত হোৱা লোকক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়াৰ বাবে পৰামৰ্শ আগবঢ়ায় যাতে সান্ধ্য আইনৰ বাবে তেওঁলোকে যানবাহনৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন নহয় । মানসিকভাৱে সবল কৰি ৰখাৰ ক্ষেত্ৰত এনে সংশয়পূৰ্ণ পৰিস্থিতিত চিকিৎসক- নাৰ্ছসকলৰ এষাৰি মাতেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি তেওঁ মতপ্ৰকাশ কৰে । তেওঁ লগতে‌ অপ্ৰয়োজনীয়ভাৱে কোনো ৰোগীক চিকিৎসাৰ বাবে অন্য উন্নত চিকিৎসালয়লৈ প্ৰেৰণ নকৰিবলৈও পৰামৰ্শ আগবঢ়ায় । বৈঠকত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে সৰুপথাৰত ক’ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে গাঁও পৰ্যায়ত আছুতীয়াকৰণ কেন্দ্ৰ স্থাপনৰ পোষকতা কৰে । তেওঁ কয় যে গ্ৰামাঞ্চলৰ বহু লোকে চিকিৎসালয়ৰ পৰিৱৰ্তে ঘৰতে আছুটীয়াকৈ থাকিব বিচাৰে যদিও বহু লোকৰ প্ৰয়োজনীয় আন্তঃগাঁথনি নাই । পাছত তেওঁ জিলা উপায়ুক্ত আৰু স্বাস্থ্য বিভাগ তথা প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ সৈতে এখন সুকীয়া বৈঠকত মিলিত হৈ সৰুপথাৰত ক’ভিড নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰে ।

ইফালে জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীয়ে কয় যে ঘৰতে আছুটীয়াকৈ থকা ৰোগীসকলক নিয়মীয়াকৈ নিৰীক্ষণ কৰাৰ বাবে গাঁও, চাহ বাগিচা, ৰাজহ চক্ৰ আৰু ৱাৰ্ডভিত্তিক কেতবোৰ কমিটি গঠন কৰা হৈছে । ঘৰতে আছুটীয়াকৈ থকা তথা লক্ষণ নথকা ৰোগীসকলক গাওঁবুঢ়া, ৱাৰ্ডৰ সদস্য, স্থানীয় শিক্ষক, আশা, এ এন এম আৰু এম পি ডব্লিউসকলে ঘৰে ঘৰে গৈ তেওঁলোকৰ স্বাস্থ্যৰ বুজ ল’ব বুলি প্ৰকাশ কৰে ।

গোলাঘাট ক’ভিড চিকিৎসালয়খন নিয়মীয়াকৈ পৰিষ্কাৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ইতিমধ্যে চিকিৎসালয়খনত ২৪ ঘণ্টাই চিকিৎসক-নাৰ্ছৰ উপস্থিতি সুনিশ্চিত কৰা হৈছে । বৈঠকত আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে জিলাখনৰ আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত আছে বুলি মত প্ৰকাশ কৰে । জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ চন্দ্ৰ মহন্তই বৈঠকত অংশ লৈ মন্ত্ৰী বৰাক ঘৰতে আছুটীয়াকৈ থকা ৰোগীক ঔষধ যোগান ধৰিব পৰাকৈ পৰ্যাপ্ত ঔষধৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনায় । বৈঠকত ক’ভিডৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা ঔষধ ৰেমডিচিবিৰ পৰ্যাপ্ত পৰিমানে উপলব্ধ কৰোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীক অনুৰোধ জনোৱা হয়, যাতে ক’ভিড ৰোগী ৰখা ব্যক্তিগত চিকিৎসালয়সমূহে এইবিধ ঔষধ নথকাৰ বাবে ৰোগীক চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰিবলগীয়া নহয় ।

আজিৰ এই বৈঠকত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বহু শীৰ্ষ বিষয়া উপস্থিত আছিল । আনহাতে মন্ত্ৰী অতুল বৰাই অক্সিজেন চিলিণ্ডাৰ অন্তৰ্ধান হোৱা ঘটনাৰ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নোত্তৰত কয় যে, ঘটনা সম্পৰ্কত তদন্ত প্ৰক্ৰিয়া চলি আছে । বহুখিনি চিলিণ্ডাৰ যতে ততে আছিল এতিয়া চিকিৎসালয়ত মজুত হৈছেহি বুলি মন্তব্য কৰে । 

 

You might also like