নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৈঠালকুছিত অভিনেতা-নাট্যশিল্পী ভৱেশ বৰুৱাক সম্বৰ্ধনা অসম কেশৰী জাতীয় বিদ্যালয়ৰ

নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰঃ নিভাঁজ চৰিত্ৰায়ন-আঙ্গিক-সুস্পষ্ট বাকধ্বনিৰ যাদুকৰী শক্তিৰে দৰ্শক ৰাইজৰ মন জয় কৰা তথা ভ্ৰাম্যমাণ থিয়েটাৰ আৰু অসমীয়া কথাছবিৰ নানান চৰিত্ৰত ভাওঁ দি সবল-সতেজ সজীব অভিনয়ৰে নাট্যৰসিকৰ হৃদয় ৰঞ্জিত কৰি অহা অসমৰ বিশিষ্ট অভিনেতা,নাট্যশিল্পী ভৱেশ বৰুৱাক কালি নিশা নলবাৰীৰ কৈঠালকুছিত অসম কেশৰী জাতীয় বিদ্যালয়, কৈঠালকুছিৰ তৰফৰ পৰা বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হ’য়৷কৈঠালকুছি হাইস্কুল খেলপথাৰত ভ্ৰাম্যমাণ নাট্যদল বৃন্দাবন থিয়েটাৰৰ দ্বিতীয় নিশাৰ প্ৰথম দৰ্শনিৰ নাট প্ৰদৰ্শন কৰাৰ প্ৰাকক্ষণত অসম কেশৰী জাতীয় বিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক বানীকান্ত হালৈয়ে আঁত ধৰা আৰু বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হেমচন্দ্ৰ দাস,সাংস্কৃতিক কৰ্মী অমিয় তালুকদাৰ,অৱসৰী শিক্ষক জয়জিত বৰ্মন,কৈঠালকুছি হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিকাশ বেজবৰুৱা,শিক্ষক ধৰ্মেশ্বৰ হালৈ,অৱনী তালুকদাৰ,সমাজকৰ্মী-ব্যৱসায়ী প্ৰফুল্ল বৰ্মন, বিপিন বৰ্মনকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা সম্বৰ্ধনা অনুষ্ঠানত চিৰসেউজ অভিনেতাগৰাকীক বিদ্যালয়ৰ তৰফৰ পৰা ফুলাম গামোচা,ফুলাম জাপি আৰু এখন সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনায়৷সম্বৰ্ধনা গ্ৰহণ কৰি বিশিষ্ট অভিনেতা গৰাকীয়ে কয় যে-“ভ্ৰাম্যমাণৰ দৰ্শকসকল হ’ল ভগৱান৷দর্শকৰ হাত চাপৰি,চিঞৰ, মৰম-চেনেহ, আশীর্বাদেই অভিনেতা-অভিনেত্ৰী সকলৰ অভিনয় যাত্রা পথৰ নির্মালি৷দৰ্শকে যেতিয়ালৈকে অভিনেতা-অভিনেত্ৰী সকলক আদৰি থাকিব তেতিয়ালৈকেহে অভিনেতা-অভিনেত্ৰীসকল শিল্পী হৈ থাকিব৷ভাষণ প্ৰসংগত তেওঁ নিজৰ বৰ্তমান বয়স ৭২ বছৰ বুলি উল্লেখ কৰি ভ্ৰাম্যমাণত একেৰাহে ৪৮ বছৰ অভনয় কৰা বুলি কয়৷লগতে তেওঁ চলিত নাট্য বৰ্ষৰ পিছতেই ভ্ৰাম্যমাণ এৰাৰ কথা ঘোষণা কৰি অভিনয় আৰ নকৰোঁ,চলিত নাট্য বৰ্ষৰ অভিনয়ই মোৰ শেষ অভিনয় বুলি উল্লেখ কৰি অভিনয় এৰিলেওঁ ভ্ৰাম্যমাণ মই এৰি নিদিওঁ,মৃত্যুৰ আগমূহুৰ্তলৈকে ভ্ৰাম্যমাণৰ হৈ কাম কৰি যাম বুলি কয়৷পিছলৈ তেওঁ দুখনমান ভ্ৰাম্যমাণ থিয়েটাৰৰ পৰিচালনা আৰু নাটকৰ কাম কৰাৰ কথা উল্লেখ কৰি শেষত তেওঁৰ অভিনয় কালত দৰ্শক ৰাইজে তেখেতলৈ যি মৰম আৰু শ্ৰদ্ধা জনালে তাৰ বাবে অসমবাসীলৈ তেওঁ সেৱা জনায়৷

প্ৰেৰক শৈলেন বৰ্মন
You might also like