নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বুঢ়াগাঁও চাপৰিত বিশুদ্ধ খোৱাপানী আঁচনি মুকলি 

নিয়মীয়া বাৰ্তা, ২ নৱেম্বৰ: অভিলাষী জল জীৱন মিছনৰ জৰিয়তে আৱণ্টিত এখনি বিশুদ্ধ খোৱা পানী যোগান আঁচনি আজি ৰঙাপৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত চিলনী গাঁও পঞ্চায়তৰ
নিউ বুঢ়াগাঁও চাপৰি গাঁৱত শুভাৰম্ভ কৰা হয়। চিলনী গাওঁ পঞ্চায়তৰ সভাপতি তথা বিশিষ্ট সমাজকৰ্মী দেনেশ্বৰ পাৱৰ দ্বাৰা শুভাৰম্ভ কৰা আঁচনি খনৰ জৰিয়তে গাঁওখনত বিশুদ্ধ খোৱা পানীৰ বাবে ভূগি অহা দীৰ্ঘদিনীয়া সমস্যাৰ স্থায়ী সমাধান হ’ব বুলি আশা প্ৰকাশ কৰে।

আঁচনিখনৰ কাৰ্য যাতে উন্নত মানদণ্ডৰ হয় সেয়া নিশ্চিত কৰিবলৈ উপস্থিত ঠিকাদাৰগৰাকীকো তেখেতে আহ্বান জনায়। লগতে তেখেতে অঞ্চলটোৰ ক্ষীপ্ৰ উন্নয়নৰ ধাৰা অব্যাহত ৰখাৰ স্বাৰ্থত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে মুখ্যমন্ত্ৰী ডপ হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালী কৰিবলৈ আহ্বান জনায়। শুভাৰম্ভ অনুষ্ঠানটোত আঞ্চলিক সদস্য লচ্ছু প্ৰসাদ ছেত্ৰীৰ লগতে বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

You might also like