নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত জলসিঞ্চন আঁচনিৰ সৌৰশক্তিৰ প্লেট চুৰি

নিয়মীয়া বাৰ্তা, ২ নৱেম্বৰ: ৰঙিয়াৰ গড়ভিতৰ বালাগাঁৱত যোৱা নিশা জলসিঞ্চন বিভাগৰ অন্তৰ্গত পানী যোগান আঁচনিৰ সৌৰশক্তি উৎপাদন কৰা যন্ত্ৰৰ ৯ খনকৈ প্লেট চুৰি কৰি নিয়ে। ৰঙিয়া জলসিঞ্চন সংমণ্ডলৰ অধীনৰ এই আঁচনিখনৰ কেইবা লক্ষাধিক টকা মূল্যৰ সৌৰশক্তি উৎপাদন কৰা প্লেটসমুহ নিশাটোৰ ভিতৰতে চোৰে চুৰি কৰি নিয়াৰ বাবে বৰ্তমান পানী যোগান বন্ধ হৈ পৰিছে।

স্থানীয় ৰাইজে সৌৰশক্তি উৎপাদন কৰা এই প্লেট সমূহৰ কাৰিকৰী দিশৰ বিষয়ে জনা আৰু ইয়াক ব‍্যৱহাৰ কৰা কোনো লোকে এই প্লেট সমূহ চুৰি কৰিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰে । ইতিমধ্যে প্ৰায় পোন্ধৰ দিন পূৰ্বে দ্বাৰকুছি অঞ্চলৰ পৰাও একেধৰণে সৌৰশক্তি উৎপাদন কৰা 20 খনকৈ প্লেট চুৰি হৈছিল। আঁচনিখনৰ পৰিচালনা সমিতিয়ে ইতিমধ্যে থানাত গোচৰ তৰিছে ।

উল্লেখ্য যে প্ৰায় এবছৰ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হোৱা আঁচনিখনৰ পৰা স্থানীয় ৰাইজে কৃষি কাৰ্যৰ বাবে প্ৰয়োজনীয় পানী লাভ কৰিছিল । প্ৰায় 25 লাখ টকা ব‍্যয় সাপেক্ষে নিৰ্মাণ হোৱা পানী যোগান আঁচনিখনৰ পৰা অঞ্চলটোৰ ডেৰ শ বিঘা মাটিত পানী যোগান ধৰা হৈছিল। শালি ধানৰ খেতি সম্পূৰ্ণ হোৱাৰ পিছত কৃষক ৰাইজে ৰবি শস্যৰ বাবে প্ৰস্তুতি চলাইছিল যদিও বৰ্তমান পানী যোগান বন্ধ হৈ থকাত খেতি কৰিবলৈ অসুবিধা হব বুলি চিন্তা ব্যক্ত কৰে। শীঘ্ৰে উক্ত চুৰি কাৰ্যৰ লগত জড়িত দোষীক কৰায়ত্ব কৰি উচিত শাস্তি দিবলৈ ৰাইজে দাবী জনায়।

Input: ফাৰুক হুছেইন , ৰঙিয়া

You might also like