ড্ৰাগছ সৰবৰাহকাৰীক উত্তম-মধ্যম, উত্তপ্ত ধুবুৰী
নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ ধুবুৰী জিলাৰ হালাকুৰাৰ দীঘলটাৰীত উত্তপ্ত পৰিস্থিতি। ড্ৰাগছ সৰবৰাহকাৰীক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি উত্তম মাধ্যম দি আৰক্ষীক গতাই দিয়ে ৰাইজে। জাহাঙ্গীৰ আলম নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনে ড্ৰাগছ বিক্ৰী কৰাৰ সময়ত হাতে লাটে আটক কৰে গাঁওখনৰ সচেতন ৰাইজে। ড্ৰাগছ সৰবৰাহকাৰীজনে ৰাইজক আৰক্ষীৰ ছোৰ্ছ বুলি পৰিচয় দি নানা অপকৰ্মৰ লগত জড়িত থকাৰ অভিযোগ। আনকি হালাকুৰা আৰক্ষীৰ দালাল হিচাবে পৰিচিত জাহাঙ্গীৰ আলমক গৰুৰ চোৰাং বেপাৰী হিচাবে পূৰ্বতে গোলকগঞ্জ আৰক্ষীয়ে ধুবুৰী জেল লৈ প্ৰেৰণ কৰিছিল।জেইলৰ পৰা ওলাই আহি পুনৰ হালাকুৰা আৰক্ষীৰ দালালি কৰাৰ লগতে ড্ৰাগছ সৰ্বৰাহ কৰি থকাত আজি ৰাইজে হাতে লোটে ধৰি উত্তম মাধ্যম দি আৰক্ষীক গতাই দিয়ে। ফলত গাঁওখনত তীব্ৰ উত্তেজনা সৃষ্টি হয়। ঘটনা স্থলীত হালাকুৰা আৰু ছাগলীয়া আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ধৃত জাহাঙ্গীৰৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে। ইপিনে দীৰ্ঘদিনৰ পৰা জাহাঙ্গীৰে আৰক্ষীৰ মানুহ বুলি পৰিচয় দি ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ।
প্ৰেৰক শ্যামল চন্দ্ৰ ৰয়