নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপাত হেৰ’ইন ভৰ্তি তেৰটা কন্টেইনাৰ সহ দুই ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ 

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ  বঙাইগাও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত বেছিমাৰী আৰু গাছপাৰাত আৰক্ষীয়ে আজি অভিযান চলাই হেৰইনভৰ্তি মুঠ ১৩ টা কন্টেইনাৰ সহ দুজনক গ্ৰেপ্তাৰ কৰিছে । বেছিমাৰীত ৰাষ্ট্ৰীয় ঘাইপথত আজি দুপৰীয়া প্ৰায় ডেৰ বজাত যোগীঘোপা আৰক্ষীয়ে  অভিযান চলাই হেৰইনভৰ্তি  ৭ টা কন্টেইনাৰসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰে । যুৱকজনে হেৰইনখিনি লৈ এখন ই-ৰিক্সাৰে চলন্তাপাৰাৰ পৰা বেছিমাৰী দিশলৈ গৈ থকা সময়তে আৰক্ষীয়ে যুৱকজনক হেৰইনসহ গ্ৰেপ্তাৰ কৰে । যুৱকজন যোগীঘোপা দ্বিতীয় খণ্ডৰ মজিৰুদ্দিনৰ পুত্ৰ আনিৰুল ইছলাম(২৮) বুলি জানিব পৰা গৈছে ।

এক গোপন খবৰৰ ভিত্তিত উত্তৰ শালমাৰা মহকুমা আৰক্ষী বিষয়া নিতুমনি দাস আৰু চক্ৰ আৰক্ষী পৰিদৰ্শক দীননাথ মিলিৰ নেতৃত্বত চলিছিল এই অভিযান । জানিব পৰা মতে পেশাত ই-ৰিক্সা চালক আনিৰুল ইছলাম নামৰ যুৱকজনে চলন্তাপাৰাৰ এজন ড্ৰাগছ ব্যৱসায়ীৰ পৰা হেৰইনখিনি লৈ ই-ৰিক্সা খনেৰে বেছিমাৰী দিশলৈ গৈ আছিল । তেনে সময়তে আৰক্ষীৰ দলটোৱে বেছিমাৰীৰ ফেমিলী ৰিজৰ্টৰ সন্মুখত ই-ৰিক্সাসহ যুৱকজনক আটক কৰে । পিচত আৰক্ষীয়ে তালাচী চলোৱাত যুৱকজনৰ পৰা হেৰইনখিনি উদ্ধাৰ হয় । প্ৰায় ৯ গ্ৰাম পৰিমানৰ হেৰইনখিনিৰ লগতে এটা মোবাইল ফোন আৰু ই- ৰিক্সাখন জব্দ কৰি থানালৈ নিয়ে । ধৃত যুৱকজনে আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তী মতে, তেওক চলন্তাপাৰাৰ দেৱজিৎ কলিতা নামৰ এজন যুৱকে হেৰইনখিনি দিছিল । সেইখিনি বেছিমাৰীত ফেমিলী ৰিজৰ্টৰ সন্মুখত পথৰ কাষত ৰৈ থকা  আন এজনৰ হাতত গতাই দিবলৈ দায়িত্ব দিছিল ।

সেই অনুসৰি দেৱজিৎ কলিতাই তেওক এহেজাৰ টকা মাননি দিছিল । ধৃত যুৱকজনৰ এই স্বীকাৰোক্তীৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে চলন্তাপাৰাৰ দেৱজিৎ কলিতাৰ বাসগৃহত অভিযান চলায় যদিও কলিতাৰ বাসগৃহৰ পৰা কোনোধৰণৰ ড্ৰাগছ জাতীয় সামগ্ৰী উদ্ধাৰ নহল । অৱশ্যে আৰক্ষীয়ে দেৱজিৎ কলিতাক সোধাপোচাৰ বাবে আটক কৰি থানালৈ নিয়ে । ইপিনে আজি সন্ধিয়াৰ ভাগতো যোগীঘোপা আৰক্ষীৰ এটা দলে ঔডুবিৰ সমীপৰ গাছপাৰাত অভিযান চলাই হেৰইনসহ এজনক গ্ৰেপ্তাৰ কৰে । গাছপাৰাৰ আবুল কালাম আজাদ(৪০) নামৰ লোকজনৰ পৰা আৰক্ষীয়ে হেৰইনভৰ্তি ৬ টা কন্টেইনাৰ জব্দ কৰাৰ লগতে লোকজনক গ্ৰেপ্তাৰ কৰে । নিশাৰ ভাগত আৰক্ষীয়ে যোগীঘোপা থানাৰ অন্তৰ্গত ধুবুৰী জিলাৰ সীমান্তৱৰ্তী কেতবোৰ এলেকাতো গোপন খবৰৰ ভিত্তিত অভিযান চলায় ।

প্ৰেৰকঃ টিংকু চন্দ্ৰ দাস, যোগীঘোপা 

You might also like