নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়াত মকৰা জালৰ দৰে শিপাইছে ড্ৰাগছ সৰবৰাহকাৰী

বিশেষ বাৰ্তা, ১৭ জানুৱাৰী : সমগ্ৰ ৰাজ্যৰ লগতে তিনিচুকীয়াটো মাৰাত্মক ড্ৰাগছে মকৰা জালৰ দৰে শিপাইছে, যাৰ ফলত জিলাখনত এইছ আই ভি ৰোগে ভয়ংকৰভাৱে শিপাইছে যুৱ প্ৰজন্মৰ মাজত। তেনে সময়তে বৃহস্পতিবাৰে সন্ধিয়া তিনিচুকীয়া আৰক্ষীয়ে মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই লাভ কৰে বিশেষ সফলতা। একেদিনাই তিনিচুকীয়া আৰক্ষীয়ে  দিনৰ পৰা বিভিন্ন স্থানত অভিযান চলাই দুটাকৈ স্থানত জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ নিষিদ্ধ মাৰাত্মক ড্ৰাগছসহ তিনি যুৱকক৷ প্ৰথমে হিজুগুৰিস্থিত নিউ তিনিচুকীয়া ৰে’ল ষ্টেচনৰ সমীপৰ বাইদেউ হোটেলত অভিযুক্ত বিতু গোহাঁই আৰু নাটে এক্কা নামৰ দুই যুৱকে আহাৰ গ্ৰহণ কৰিবলৈ লোৱাৰ সময়তে তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিশান সৌৰভ, তিনিচুকীয়া সদৰ আৰক্ষী থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁই আৰু হিজুগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজ চেত্ৰীৰ নেতৃত্বত বৃহৎ দলে অভিযান চলাই প্ৰায় ৪৩ গ্ৰাম হাতে লোটে আটক কৰিবলৈ সক্ষম হয়। চাৰিটা চাবোনৰ বাকচত অতি কৌশলেৰে সৰবৰাহ কৰি অনা মাৰাত্মক ড্ৰাগছখিনি আৰক্ষীয়ে ব্যক্তি দুজনৰ পৰা জব্দ কৰাৰ পিছতেই ব্যক্তি দুজনক আৰক্ষীয়ে আটক কৰি সুধাপোচা আৰম্ভ কৰে। তথ্য অনুসৰি, ডিমাপুৰৰ পৰা ৰে’ল যোগে ডিব্ৰুগড় জিলাৰ নিবাসী বিতু গোহাঁই আৰু নাটে এক্কা নামৰ দুই যুবকে নিষিদ্ধ ড্ৰাগছখিনি সৰবৰাহ কৰি আনিছিল। উক্ত অভিযানৰ পিছতেই তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ নিচেই কাষৰ পৰা তিনিচুকীয়া আৰক্ষীয়ে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁইৰ নেতৃত্বত গোপন সূত্ৰৰ পম খেদি তিনিচুকীয়া দহোতীয়াচুকত ভাড়াতীয়া হিচাপে থকা বিকি বৰা নামৰ আন এজন যুৱকক মাৰাত্মক ড্ৰাগছ সহ আটক কৰিবলৈ সক্ষম হয়। অভিযুক্ত বিকি বৰাৰ পৰা ১.৯১ গ্ৰাম নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় তিনিচুকীয়া আৰক্ষীৰ দলটোৱে। পৰৱৰ্তী সময়ত সদৰ আৰক্ষী থানালৈ যুৱকজনক লৈ যোৱাৰ লগতে তদন্ত আৰম্ভ কৰে।
প্ৰেৰক বিবেক বড়া
You might also like