নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাস পালনাম উপলক্ষত আৰু দুখন অত্যাধুনিক ফেৰী মুকলি:অফলামুখ আৰু কমলাবাৰী ফেৰি ঘাটৰ পৰা চলিব ১৭ খন কৈ জাহাজ

নিয়মীয়া বাৰ্তা, ১৬ নৱেম্বৰ: মাজুলীৰ বৃহৎ আধ্যাত্মিক মহোৎসৱ ৰাসলীলা আৰু পালনামৰ উপলক্ষত আজি কমলাবাৰী ফেৰী ঘাট আৰু অফলা ঘাটত মুকলি হল দুখনকৈ অত্যাধুনিক ফেৰী । ১০৬ বছৰীয়া বৃদ্ধই ও আজি সোৱাদ লয় এই ফেৰী যাত্ৰাৰ । আজি মুকলি হোৱা পদ্মা আৰু ইন্দ্ৰ নামৰ দুয়োখন ফেৰীয়ে মাজুলীবাসীক যথেষ্ট সকাহ দিব বুলি আশাবাদী মাজুলীবাসী । পুৱা ১১ বজাত অফলামুখ ঘাটত পোৱাহি এম ভি পদ্মা নামৰ ফেৰি খনৰ উদ্ধোধন কৰে মাজুলী সদৰৰ মহকুমাধিপতি ভৃতিমান দাস আৰু উজনি মাজুলীৰ চক্ৰ বিষয়া নৱজ্যোতি দাসে ৷ দুয়োজন বিষয়াই ফেৰি খনত অহা বয়োজেষ্ঠ এজন পুৰুষ আৰু এগৰাকী মহিলাক গামোচা পিন্ধাই মাজুলীলৈ আদৰনী জনাই ৷ ইয়াৰ ওপৰিও বিষয়া দুজনে ফেৰিৰ চালকক গামুচা পিন্ধোৱাৰ লগতে ফেৰি খনৰ সকলো দিশৰ বুজ লয় ৷ কাইলৈৰ পৰা এই ফেৰি খন পুৱা ১০:৩০ বজাৰ পৰা চলিব বুলি জানিব পৰা গৈছে ৷ ১৮ নৱেম্বৰৰ পৰা আৰম্ভ হব ৰাস মহোৎসৱৰ তাৰ পূৰ্বে আজিৰে পৰা অফলামুখৰ পৰা পুৱা ৭ বজা ,৮ বজা ,৯ বজা ,১০বজা, ১১:৩০ বজা, ১ বজা আৰু ৩ বজাত মুঠ সাঁত খনকৈ চলিব ফেৰি চলিব বুলি জানিব পৰা গৈছে ৷ মাজুলীৰ উপায়ুক্ত পুলক মহন্তই কমলাবাৰী ফেৰি ঘাটত যাত্ৰীৰ সুবিধা হোৱাকৈ এম ভি ইন্দ্ৰ নামৰ ফেৰিখনৰ ফিটা কাটি শুভ উদ্ধোধন কৰে ৷ ঠিক একেদৰে এঘন্টাৰ মুৰে মুৰে পুৱা সাঁত বজাৰ পৰা কমলাবাৰী ফেৰি ঘাটৰ পৰাও দিনটোত চলিব ১০ খনকৈ ফেৰি ৷ ইয়াৰ উপৰি কালীলৈৰ পৰা আৰু পাঁচ খন মেৰাইন ইঞ্জিন যুক্ত ফেৰী মুকলি কৰিব মাজুলী নিমাটি জলপথত ৷ যোৱা আঠ ছেপ্টেম্বৰত মাজুলী নিমাতি ফেৰী দুৰ্ঘটনা হোৱাৰ পিছত ব্ৰহ্মপুত্ৰৰ যাতায়তক লৈ মাজুলী বাসী ভীষণ সমস্যাৰ সন্মুখীন হৈ আহিছিল । মুখ্যমন্ত্ৰী গৰাকীয়ে অত্যাধুনিক ফেৰী সেৱা মুকলি কৰিছিল যদিও সেইয়া পৰ্যাপ্ত নোহোৱাত মাজুলী বাসীয়ে যোৰহাটলৈ যাবৰ বাবে স্বাভাৱিক যাতায়তৰ সুবিধা লাভ কৰা নাছিল । এনে সময়তে মাজুলীবাসীয়ে ৰাস উৎসৱক লৈ অত্যধিক ফেৰী চলাচলৰ দাবী জনাই আহিছিল । ১৮ নৱেম্বৰৰ পৰা হব লগা ৰাস উৎসৱৰ পূৰ্বে এনেদৰে অত্যধিক ফেৰী প্ৰচলনৰ খবৰে মাজুলীবাসীৰ মনত আনন্দৰ জোৱাৰ সৃষ্টি কৰিছে ।

 

 

You might also like