নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

নিয়মীয়া বাৰ্তা ১৬ নৱেম্বৰ: জোনাই মহকুমা প্ৰশাসনৰ উদ্যোগত তথা মহকুমা জনসংযোগ বিভাগৰ সহযোগত মহকুমাধিপতিৰ সভাকক্ষত আজি সমগ্ৰ দেশৰ লগতে জোনাইতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়৷ আজিৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ সভাপতিত্ব কৰে জোনাই মহকুমা চক্ৰ বিষয়া তথা তথ্য ও জনসংযোগ বিষয়া ঋতুপল্লৱ বৰুৱাই৷ তথ্য ও জনসংযোগৰ নিম্ন বৰ্গৰ কৰ্মচাৰী মংগল চন্দ্ৰ বড়োৱে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা পিছতে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস অনুষ্ঠানত সন্মানিত আমন্ত্ৰিত অতিথি সকলক সম্বৰ্ধনা জনোৱা হয় ৷ ইয়াৰ পিছতে জোনাই মহকুমাত সংবাদ সেৱা আগবঢ়াই থকা সকলো সংবাদকৰ্মীক সম্বৰ্ধনা জনাই জোনাই মহকুমা জনসংযোগৰ ফালৰ পৰা ৷ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপল্লখ্য সংবাদ মাধ্যমৰ ভূমিকা ওপৰত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি মুৰ্কংচেলেক কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ হৰকান্ত পেগু, জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক প্ৰদীপ গগৈ আৰু জ্যেষ্ঠ সাংবাদিক ৰয়েল পেগুৱে বহুমূলীয়া বক্তব্য ৰাখে৷ আজিৰ সভাত জোনাই প্ৰেছ ক্লাৱৰ সদস্য সদস্য আৰু জোনাই তথ্য ও জনসংযোগৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে৷ সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় জোনাই মহকুমা তথ্য ও জনসংযোগ বিষয়া ঋতুপল্লৱ বৰুৱাই৷

You might also like