নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী সত্র মহাসভাৰ কর্ণধাৰঃ দুলাল গোস্বামীৰ আকস্মিক বিয়োগ

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ গোলাঘাট জিলাৰ বিখ্যাত প্রাচীন পুখুৰীপাৰ সত্রত সত্রীয়া পৰম্পৰাৰ মাজত ডাঙৰ–দীঘল হৈ সম্পূর্ণ আদর্শগত এটি জীৱন অতিবাহিত কৰা দুলাল গোস্বামীয়ে সোমবাৰে দিনৰ প্রায় এঘাৰমান বজাত স্বগৃহত আকস্মিকভাৱে দেহত্যাগ কৰে৷ ১৯৫৫ চনৰ ১৭ আগষ্টত জন্মগ্রহণ কৰা গোস্বামীয়ে ১৯৮১ চনৰ ২৭ জুলাইত ভাৰতীয় অর্থনীতিৰ আধাৰ স্বৰূপ ভাৰতীয় ৰিজার্ভ বেংকত যোগদান কৰি সকলোৰে মনৰ মণিকোঠাত স্থান লাভ কৰে৷ নিজ জনমভূমি গোলাঘাট জিলাৰ বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানৰ লগত ওতপ্রোতভাৱে জড়িত হৈ সেৱাৰ মনোভাবেৰে অঞ্চলৰ উন্নতিত অৰিহণা যোগাই আহিছে৷

সত্রীয়া সংস্কৃতিৰ উত্তৰণত অহৰহ দেহেকেহে নিজকে জড়িত ৰখা এইজন ব্যক্তিৰ আকস্মিক বিয়োগত সকলো মর্মাহত হৈছে৷ অসম সত্র মহাসভাৰ গুৱাহাটী শাখাৰ এজন অন্যতম কর্ণধাৰ দুলাল গোস্বামীক অসম সত্র মহাসভাৰ তৰফৰ পৰা কাকূতি ঘোষা, খোল–তাল, পুষ্পার্ঘ্যৰে অশ্রুসিক্ত নয়নেৰে বিদায় জনায়৷ মৃত্যুৰ সময়ত তেওঁ পত্নী দিছপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত উপাধ্যক্ষা ড০ জয়জ্যোতি গোস্বামীৰ লগতে একমাত্র পুত্র গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ অংশকালীন প্রবক্তা গৌৰৱ গোস্বামী আৰু সত্রীয়া শিল্পী গার্গী গোস্বামী, জোঁৱাই কৌস্তভ কলিতাৰ লগতে বহু আত্মীয় তথা শুভাকাংক্ষীক এৰি যায়৷

You might also like