ডাম্পাৰৰ খুন্দাত যুৱকৰ মৃত্যুত দুলীয়াজানত উত্তপ্ত পৰিস্থিতি
নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ দুলীয়াজান আৰক্ষী থানাৰ অন্তর্গত মধুটিং অঞ্চলত বৃহস্পতিবাৰে নিশা সংঘটিত পথ দুর্ঘটনাত যুৱকৰ মৃত্যুক কেন্দ্র কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ মৃত যুৱকজন মধুটিং বঙালী গাঁৱৰ (লিম্বু তিনিআলি) অজয় লিম্বু বুলি জানিব পৰা গৈছে৷
ঘটনা সন্দর্ভত প্রাপ্ত খবৰ অনুসৰি দুলীয়াজানৰ কাষৰীয়া ২নং ৰঙাগডা গাঁৱৰ অনুপম শইকীয়া মালিকানাধীন এ এছ–০৬ এ চি–৬৪৭২ নম্বৰৰ ডাম্পাৰখন ঘৰলৈ ওভতাৰ পথত মটৰচাইকেলেৰে ঘৰ অভিমুখী অজয় লিম্বুৰ সৈতে সামান্য খুন্দা খায়৷ এই ঘটনাত অজয় লিম্বুৱে ডাম্পাৰৰ চালকৰ সৈতে তর্কাতর্কি লগাত স্থানীয় ৰাইজ ওলাই আহে৷ এনেতে ডাম্পাৰৰ চালকে গাডীসহ ঘটনাস্থলীৰ পৰা পলায়ন কৰোঁতে অজয় লিম্বুক মহটীয়াই লৈ যায়৷ ঘটনাত থিতাতে মৃত্যু হয় অজয় লিম্বু নামৰ যুৱকজন৷ লগে লগে যুৱকজনৰ পৰিয়াল আৰু স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হৈ এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰে৷ উত্তেজিত শতাধিক লোক মধুটিং বঙালী গাঁৱৰ গাতে লাগি থকা ২নং ৰঙাগডাৰ ডাম্পাৰৰ গৰাকী অনুপম শইকীয়াৰ বাসগৃহত উপস্থিত হৈ ডাম্পাৰৰ চালক আৰু হেণ্ডিমেনক বিচাৰে৷
ইতিমধ্যে চালক–হেণ্ডিমেনে গাডী থৈ লগে লগে তাৰপৰা পলায়ন কৰাত আৰু উক্ত সময়ত গাডীৰ গৰাকী অনুপম শইকীয়াক ঘৰত নোপোৱাত লোকসকল অধিক উত্তেজিত হৈ পৰে৷ উত্তেজিত ৰাইজে চোতালত থকা ডাম্পাৰ–জেচিবিসহ কেইবাখনো গাডী আক্রমণ কৰি বিস্তৰ ক্ষতি কৰাৰ অভিযোগ উঠিছে৷ ইফালে উত্তেজিত ৰাইজে অভিযুক্তক বিচাৰি নাপাই ডাম্পাৰৰ গৰাকীৰ পৰিয়ালৰ মানিক শইকীয়াক ঘৰৰ পৰা বাইকত উঠাই ঘটনাস্থলীলৈ লৈ যায়৷
ইতিমধ্যে ঘটনাস্থলীত ভাদৈ আৰু নাওহলীয়া আৰক্ষী চকীৰ আৰক্ষীৰ লগতে চি আৰ পি এফৰ জোৱান উপস্থিত হৈ মানিক শইকীয়াক উদ্ধাৰ কৰে৷ ইয়াৰ পিছতো পৰিস্থিতি উত্তপ্ত হৈ থকাত ঘটনাস্থলীত নামৰূপৰ উপ–আৰক্ষী অধীক্ষক নৱ কুমাৰ বডা উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ সক্ষম হয়৷
ঘটনাৰ প্রত্যক্ষদর্শীয়ে জানিবলৈ দিয়া মতে, ঘটনাস্থলীত এখন ডাম্পাৰ ৰৈ থকা অৱস্থাত তিনিজন লোকে তর্কত লিপ্ত হৈছিল৷ ইয়াৰ পিছতে ডাম্পাৰখন উক্ত স্থানৰ পৰা আঁতৰি যায় আৰু অজয় লিম্বুক মৃত অৱস্থাত প্রত্যক্ষ কৰা হয়৷ প্রত্যক্ষদর্শীৰ ভাষ্যৰ ভিত্তিত পৰিয়ালৰ লোকে ঘটনাটোক হত্যাকাণ্ড বুলিহে অভিযোগ কৰিছে৷ ইতিমধ্যে দুলীয়াজান আৰক্ষীয়ে নিশায়েই দুর্ঘটনা সংঘটিত কৰা ডাম্পাৰখন জব্দ কৰাৰ লগতে পলাতক চালক কমল কোঁৱৰক খোৱাং চেনিমাৰী গৃহৰ পৰা আজি আটক কৰে৷ ঘটনাৰ সংক্রান্তত মৃত যুৱকৰ পৰিয়ালৰ লোকে দুলীয়াজান থানাত এজাহাৰ দাখিল কৰাত ৪৬৪/২১ নম্বৰত ৰুজু হোৱা গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাৰ অধীনত আটকাধীন অভিযুক্তক জে’ল–হাজোতলৈ প্রেৰণ কৰে৷