দুলীয়াজান চানচাইন ফুড হাট ৰেষ্টুৰেন্টত ভয়ংকৰ অগ্নিকাণ্ড
৯ টাকৈ কেবিন আৰু ভাড়াতীয়া ৬ টাকৈ কোঠালি জ্বলি ভস্মিভূত
নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃআজি দুপৰীয়া ভাগত দুলীয়াজান হুকুটা চাৰি আলিস্থিত চানচাইন ফুড হাট ফেমিলী ৰেষ্টুৰেন্টত হঠাৎ দাউ দাউকৈ জ্বলি উঠা জুইয়ে নিমিষতে ছাইত পৰিণত কৰে ৯ টাকৈ সংলগ্ন কেবিন আৰু কাষৰীয়া ৬ টাকৈ ভাড়াতীয়া পৰিয়ালৰ সমস্ত সা-সামগ্ৰী । প্ৰাপ্ত তথ্য অনুসৰি প্ৰহ্লাদ গগৈৰ মালিকাধীন এই ৰেষ্টুৰেন্টখনৰ শেষৰ কেবিনৰ পৰা সূত্ৰপাত ঘটা জুই বাকীকেইটা কেবিনলৈ সম্প্ৰসাৰিত হৈ তৎক্ষণাতে ভস্মীভূত কৰি পেলাই বাঁহ আৰু টকৌপাতেৰে নিৰ্মিত কেবিন কেইটা । ইফালে এই ভয়ংকৰ জুইকুৰা অধিক সম্প্ৰসাৰিত হৈ ৰেষ্টুৰেন্টৰ কেবিনকেইটাৰ নিচেই কাষতে লাগি থকা ৬ টাকৈ ভাড়াতীয়া পৰিয়ালৰ বাসগৃহৰ সা-সামগ্ৰীসমূহো ক্ষণিকতে ছাৰখাৰ কৰে । এই ঘটনাত অইলৰ অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহনে বিধ্বংসী জুইকুৰা নুমুৱাবলৈ সক্ষম হোৱাত ৰেষ্টুৰেন্টৰ নিচেই কাষতে থকা উচ্চ ক্ষমতাসম্পন্ন এটা ট্ৰেন্সফৰ্মাৰ হানি নোহোৱাকৈ ৰক্ষা পৰে । এই অগ্নিকাণ্ডত সকলো হেৰুৱাই হাহাকাৰ পৰিস্থিতিৰ হয় খাটি খোৱা ভাড়াতীয়া পৰিয়ালকেইটাৰ মাজত । ভুক্তভোগীৰ পৰিয়ালৰ সদস্যই ক্ষতিপূৰণ দিবলৈও দাবী জনাই ৰেষ্টুৰেন্টৰ স্বতাধিকাৰীক । আনহাতে ঘটনাস্থলীত দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালাই দলীয় কৰ্মীৰ সৈতে উপস্থিত হৈ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ ক্ষয় ক্ষতিৰ বুজ লয় । আনহাতে ঘটনাৰ কাৰণ অদ্যাপি জানিব পৰা হোৱা নাই ।