নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানৰ ভাং ঘাটিত আৰক্ষীৰ অভিযানঃ বুজন পৰিমাণৰ ভাং সহ এজনক আটক

নিয়মীয়া বাৰ্তা, ১৫ জুনঃ — ৰাজ্যত অবৈধ ভাং-ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান চলি থকা সময়তে সোমবাৰে দুলীয়াজান আৰক্ষীয়ে স্হানীয় ৰেলৱে ষ্টেচনৰ সমীপত দীৰ্ঘদিন ধৰি ভাং ব্যৱসায় চলাই অহা এটা ঘাটিত অৰ্তকিতে অভিযান চলাই বুজন পৰিমাণৰ ভাং জব্দ কৰাৰ লগতে জান বৰুৱা নামৰ এজন ভাং বেপাৰীক আটক কৰিবলৈ সক্ষম হয় । নামৰূপৰ নৱ নিযুক্ত উপ-আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰাৰ নেতৃত্বত যোৱা আৰক্ষী অভিযানকাৰী দলটোৱে অবৈধ ঘাটিটোৰ পৰা বহু আপত্তিজনক সা-সামগ্ৰী, ভাং-চিলিম আদি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।

উল্লেখযোগ্য যে এই ভাং ঘাটিত নিতৌ দুলীয়াজানৰ একাংশ নৱ প্ৰজন্মৰ যুৱকে দিনে নিশাই বহি ভাং সেৱন কৰি থকাৰ অভিযোগ উত্থাপন হৈ আহিছে  । লক্ষণীয় যে কিছুদিন পূৰ্বে দুলীয়াজান আৰক্ষীয়ে তৈল অঞ্চলৰ পৰাই বৃহৎ পৰিমাণৰ ভাং-হেৰ’ইনসহ যুৱকক গ্ৰেপ্তাৰ কৰা পাছতেই আজি পুনৰ ভাং ঘাটিত আৰক্ষীৰ অভিযানে অঞ্চলটোত নিচাযুক্ত দ্ৰব্যৰ অবাধ প্ৰচলন বন্ধ হ’ব বুলি সচেতন মহলে আশা পোষণ কৰিছে ।

You might also like