নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃত্রিম বানত প্লাৱিত মহানগৰীৰ বিস্তীর্ণ অঞ্চল

এজাক বৰষুণত উন্মোচিত পৌৰ নিগমৰ মিছন ফ্লাড ফ্রীৰ নগ্ণ ছবি

নিয়মীয়া বাৰ্তা ১৫ জুনঃ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীক বানমুক্ত কৰাৰ বাবে পৌৰ নিগমে ঢ়াক–ঢ়োল বজাই থকাৰ মাজতে কালি নিশাৰ এজাক বৰষুণে জি এম চিৰ মিছন ফ্লাডফ্রীৰ নগ্ণ ছবি উন্মোচিত কৰে৷ কৃত্রিম বানৰ পৰা মহানগৰবাসীক সকাহ দিয়াৰ সপোন দেখুৱাই বছৰৰ পিছত বছৰ ধৰি ৰাজকোষৰ কোটি কোটি টকা ব্যয় কৰি একাংশ দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰী আৰু ঠিকাদাৰৰ বাবে মহানগৰীৰ কৃত্রিম বান যে সোণৰ কণী পৰা হাঁহ সেই কথা পুনৰবাৰ প্রমাণিত কৰিলে নিশাৰ বৰষুণ জাকে৷ মহনগৰীক বানমুক্ত কৰাৰ লক্ষ্যৰে পৌৰ নিগমে বিগত প্রায় এমাহ ধৰি দিনে–নিশাই মহানগৰীৰ নলা–নর্দমা আৰু ভৰলু নিষ্কাশন কৰি থকাৰ মাজতে নিশা প্রায় ১২ বজাত অহা বৰষুণজাকে মহানগৰীৰ আভিজাত্য উটুৱাই নিয়া পৰিলক্ষিত হয়৷ মাজনিশাৰ মুষলধাৰ বৰষুণৰ ফলত মহানগৰীৰ ৰাজপথত একাঁঠু পানী জমা হোৱাৰ লগতে ন ন অঞ্চল প্লাৱিত হয়৷

নিশা প্রায় দুঘণ্টা সময় ধৰি হোৱা বৰষুণৰ ফলত মহানগৰীৰ জি এছ ৰোড, আৰ জি বৰুৱা ৰোড, গণেশগুৰি ডাউনটাউন, ৰুক্মিণীগাঁও, পাঞ্জাবাৰী, হাতীগাঁও, ভেটাপাৰা, লালমাটি, বশিষ্ঠ, লতাকটা, চানমাৰি বামুণীমৈদাম, গুৱাহাটী ক্লাব, আমবাৰী, মালিগাঁও আৰু জালুক্বাৰীৰ ৰাজপথত একাঁঠু পানী জমা হয়৷ তদুপৰি বানৰ ক্বলত পৰা অঞ্চলৰ বাট–পথত নলাৰ পৰা উটি অহা প্লাষ্টিকৰ বটল, আৱর্জনা আৰু বোকাৰে ভৰি পৰা পৰিলক্ষিত হয়৷ দীর্ঘ সময় ধৰি ৰাজপথত নিশাৰ ভাগত অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত যান–বাহনৰ চলাচল বন্ধ হৈ পৰে৷ নিশাৰ এই বৰষুণজাকত সৃষ্টি হোৱা কৃত্রিম বানে জি এছ ৰোডৰ পদপথ পর্যন্ত বুৰাই পেলায়৷

ফলত পুৱতি নিশালৈ অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত লোকসকল আবদ্ধ হৈ পৰে৷ আনহাতে, নিশাৰ বৰষুণ জাকৰ ফলত মহানগৰীৰ ৰুক্মিণীগাঁও হাতীগাঁও আৰু চানমাৰিৰ একাংশ লোকৰ বাসগৃহত পানী সোমায়৷ একেই অৱস্থা অনিল নগৰ আৰু নবীন নগৰতো হোৱা বুলি স্থানীয় লোকে জানিবলৈ দিছে৷ বিশেষকৈ হাতীগাঁৱৰ ৰাজপথত আজি বিয়লিপর্যন্ত পানী জমা হৈ থকা বাবে যাতায়াত বিঘ্ণিত হয়৷ কৃত্রিম বানত মহানগৰীৰ বহু ব্যৱসায়িক প্রতিষ্ঠানত পানী সোমাই লাখ লাখ টকাৰ সামগ্রী নষ্ট কৰাৰ উপৰি বিভিন্ন প্রান্তত কেইবাখনো যান–বাহন বিকল হোৱা বুলি জানিব পৰা গৈছে৷ নৱনিযুক্ত পৌৰ আয়ুক্ত দেৱাশিস শর্মাৰ তৎপৰতাত মহানগৰবাসীয়ে কৃত্রিম বানৰ পৰা সকাহ পাব বুলি ধাৰণা কৰা হৈছিল যদিও বছৰৰ প্রথমটো কৃত্রিম বানে মহানগৰীৰ ন ন অঞ্চল প্লাৱিত কৰাত মহানগৰবাসীৰ মাজত বিভিন্ন প্রশ্ণ উত্থাপিত হৈছে৷ উল্লেখ্য যে মহানগৰীৰ বিভিন্ন প্রান্তত নলা নিষ্কাশন কৰি আৱর্জনাসমূহ পথৰ দাঁতিত জমা কৰি ৰখা হৈছিল৷ সেইসমূহ পুনৰ কালিৰ বৰষুণজাকে সিঁচৰতি কৰাত বাট–পথ কদর্য হৈ পৰে৷

You might also like