নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত ডাম্পাৰৰ দৌৰাত্ম্যঃ প্ৰাতঃভ্ৰমণকাৰীক খুন্দিয়াই সোমাল ব্যৱসায়িক প্ৰতিষ্ঠানত

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰঃ ঢকুৱাখনাত ভয়ংকৰ দুৰ্ঘটনা। ডাম্পাৰে মহটিয়াই নিলে প্ৰাতঃভ্ৰমণকাৰীসহ ৪খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান। ঢকুৱাখনা নগৰৰ মাজমজিয়াত আজি পুৱা ৫ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।

মাজুলীৰ দিশৰ পৰা ঢকুৱাখনালৈ দ্ৰুতগতিত অহা AS 07 AC 7595 নম্বৰৰ ডাম্পাৰ এখনে প্ৰাতঃভ্ৰমণলৈ ওলাই অহা বালিগাঁৱৰ জয়মতী গগৈ নামৰ ৫৪ বছৰীয়া এগৰাকী মহিলাক খুন্দিয়াই নিয়ন্ত্ৰণ হেৰুৱাৰ পিছত ঢকুৱাখনাৰ প্ৰতিষ্ঠিত বাতৰি কাকত আৰু গ্ৰন্থ বিপণী মেচাৰ্চ গগৈ কমাৰ্চিয়েলছৰ লগতে আন তিনিখন দোকান মহটিয়াই নিয়ে।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে নিয়ন্ত্ৰণহীন ডাম্পাৰখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰত সোমাই পৰে। আনদিনাৰ দৰে পুৱা বাতৰিকাকত সংগ্ৰহ কৰিবলৈ অহা পাঠক আৰু হকাৰসকল উক্ত স্থানত সমৱেত হোৱাৰ পূৰ্বে দুৰ্ঘটনাটো সংঘটিত হোৱাত কথমপি ৰক্ষা পৰে ভালেসংখ্যক লোক।

ইফালে গুৰুতৰভাৱে আহত মহিলাগৰাকীক ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

You might also like