নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰা-সোণতলী সংযোগী ই এণ্ড ডি মথাউৰিৰ বিধ্বস্ত ৰূপ

নিয়মীয়া বাৰ্তা, ২১ জুন : কামৰূপৰ নগৰবেৰা সোণতলী সংযোগী ই এণ্ড ডি মথাউৰিৰ ওপৰত পি ডব্লিউ ডি কামত নিম্নমানৰ কামৰ বাবেই নিৰ্মীয়মান অৱস্থাতেই সকলো এমূৰৰ পৰা জহিখহি যাব ধৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। সোণতলীৰ শেলোসূঁতি ই এণ্ড ডি মথাউৰি চাৰিআলিৰ পৰা ৰাঙ্গাপানীলৈ যোৱা পি ডব্লিউ ডিৰ পাঁচ কিলোমিটাৰ পথ পকীকৰণ কামৰ ৮ কোটি ৮১ লাখ ৬৮ হাজাৰ ৫০০ শ টকাৰ নিবিদা লাভ কৰে বিভাগীয় ঠিকাদাৰগৰাকীয়ে। দুই তিন দিন বৰষুণ হোৱাৰ ফলত কাম চলি থকা অৱস্থাতেই নিৰ্মাণ কাৰ্য জহিখহি যাবলৈ ধৰাত স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে। ৰাইজৰ অভিযোগ মতে আৰম্ভণিৰ পৰাই নিম্ন মানৰ সামগ্ৰীৰে কাম কৰি বৃহৎ অংকৰ ধন আত্মসাৎ কৰাৰ কুচ-কাৱাজ চলাই আহিছে নিবিদা লাভ কাৰী সংস্থাই। এই সন্দৰ্ভত স্থানীয় ৰাইজে বিভাগীয় অভিযন্তাক বাৰে বাৰে অৱগত কৰিছে যদিও কোনো গুৰুত্ব নিদি নিম্ন মানৰ সামগ্ৰীৰে কাম অব্যাহত ৰখাৰহে অভিযোগ। বিশেষকৈ গাৰ্ড ৱাল আৰু নলাৰ কামত অতি নিম্নমানৰ ইটা ব্যৱহাৰ কৰিছে যদিও ৰড ব্যৱহাৰ নকৰাত নিৰ্মীয়মান অৱস্থাতেই ভাঙি-চিঙি চূচুৰ্মৈ হৈ পৰিছে সকলো। শীঘ্ৰে উক্ত পথচোৱাৰ কামত বিভাগীয় উচ্চ পদস্থ বিষয়া কৰ্মচাৰীৰ লগতে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচৰাৰ লগতে প্ৰাককলন অনুসৰি কাম কৰাৰ আহ্বান জনাইছে ৰাইজে।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like