নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : অসমৰ ভূমি বেদখল সমস্যা

অসম বিধানসভাৰ অধিৱেশনৰ সময়ত ৰাজ্যখনৰ সংবাদ মাধ্যমত সততে প্রকাশ পোৱা এটা বাতৰি হৈছে চুবুৰীয়া ৰাজ্যই অসমৰ ইমান হেক্টৰ মাটি বেদখল কৰিছে৷ এই বাতৰিটোৰ সৈতে ৰাজ্যখনৰ সকলো শ্রেণীৰ জনসাধাৰণ ভালদৰে পৰিচিত৷ কিন্তু ইয়াৰ সমাধান আজিলৈকে ওলোৱা নাই৷ এইবাৰো চলি থকা বিধানসভা অধিৱেশনৰ মাজতে বাতৰিটো সংবাদ মাধ্যমত প্রকাশ অথবা সম্প্রচাৰ হৈছে৷ প্রকাশিত বাতৰি অনুসৰি চুবুৰীয়া কেইবাখনো ৰাজ্যই অসমৰ ৮২,৭৫১.৮৫১২৭ হেক্টৰ ভূমি বেদখল কৰি আছে৷ উক্ত ভূমিৰ ভিতৰত মিজোৰামে ৩,৬৭৫.৭৮০০ হেক্টৰ, মেঘালয়ে ৩,৪৪১.৮৬০১ হেক্টৰ, অৰুণাচল প্রদেশে ১৬,১৪৪.০০১১৭ হেক্টৰ আৰু নাগালেণ্ডে ৫৯,৪৯০.২১০ হেক্টৰ ভূমি বেদখল কৰি আছে৷ অসমৰ জনসাধাৰণে বিচাৰে এনেধৰণৰ বাতৰি প্রকাশ নহওক৷ কিন্তু দুর্ভাগ্যজনকভাৱে প্রতিবাৰেই বিধানসভাৰ অধিৱেশনৰ সময়ত আমি সকলোৱে বাতৰিটো পঢ়িবলৈ পাওঁ৷ ইয়াৰ মূল কাৰণ হৈছে দিছপুৰত অধিষ্ঠিত চৰকাৰৰ ব্যর্থতা৷ ৰাজ্য চৰকাৰ এখনৰ প্রাথমিক দায়িত্ব হৈছে সংশ্লিষ্ট ৰাজ্যখনৰ নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰা৷ তদুপৰি ৰাজ্যখনৰ ভৌগোলিক অখণ্ডতা সুৰক্ষিত কৰি ৰখাটোও চৰকাৰ এখনৰ অন্যতম প্রধান দায়িত্ব৷ কিন্তু অসমৰ ক্ষেত্রত দেখা গৈছে যে এতিয়ালৈকে ৰাজ্যখন শাসন কৰা প্রতিখন চৰকাৰে অসমৰ ভৌগোলিক অখণ্ডতা সুৰক্ষিত কৰি ৰখাত চৰম ব্যর্থতা প্রদর্শন কৰি আহিছে৷ চৰকাৰসমূহে নিজৰ দায়িত্ব আৰু কর্তব্য সুচাৰুৰূপে পালন কৰিব পৰাহেঁতেন অসমৰ ভৌগোলিক অখণ্ডতাই আজি এনে ৰূপ নাপালেহেঁতেন৷ অকল সেয়াই নহয়, চুবুৰীয়া ৰাজ্যৰ বেদখলৰ বাবে আমাৰ ৰাজ্যখনৰ জনসাধাৰণ বিশেষকৈ সীমান্তৱর্তী অঞ্চলত বসবাস কৰা লোকসকলে সময়ে সময়ে বিপৰীত পৰিস্থিতিৰ মুখামুখি হ’বলগীয়া হৈ আহিছে৷ কেতিয়াবা ঘৰ জ্বলিছে, কেতিয়াবা গাঁও উছন হৈছে, কেতিয়াবা প্রতিপক্ষৰ গুলীত অসমীয়া মানুহৰ প্রাণ গৈছে৷ অসম–নাগালেণ্ড, অসম–ৰুণাচল, অসম–মেঘালয় সীমান্তত এনে ধৰণৰ অবাঞ্ছিত ঘটনা ঘটিয়েই থাকে৷ নিজৰ ৰাজ্যখনৰ জনসাধাৰণৰ জীৱ আৰু সম্পত্তিৰ লগতে ৰাজ্যখনৰ ভৌগোলিক অখণ্ডতা ৰাজ্য চৰকাৰে সুৰক্ষিত কৰিব নোৱাৰা বাবে এনেকুৱা বিষম পৰিণতি ভুগিবলগীয়া হৈছে৷

সবাতোকৈ দুর্ভাগ্যজনক কথাটো হৈছে সীমাক লৈ উদ্ভৱ হোৱা বিবাদে ৰাজ্যকেইখনৰ জনসাধাৰণৰ মাজত যুগ যুগ ধৰি বিৰাজমান ভ্রাতৃত্ববোধ, সাম্প্রদায়িক সদ্ভাৱ, মৰম–চেনেহৰ পৰিৱেশ আদি বিনষ্ট কৰে৷ মানুহৰ মাজত আস্থা আৰু বিশ্বাসৰ পৰিৱেশ নাইকিয়া হৈ পৰিব খোজে৷ এইটো সাতভনীৰ ৰাজ্যকেইখনৰ কুশল মংগলৰ বাবে সুখকৰ নহয়৷ সকলোৱে বিচাৰে সাত ভনীৰ ৰাজ্যকেইখনৰ বাবে সর্বাতোপ্রকাৰৰ আত্মীয়তা চিৰকাল জীয়াই থাকক৷ ৰাজ্যকেইখনৰ জনসাধাৰণৰ মাজত সম্প্রীতি, সদ্ভাৱ, আস্থাৰ পৰিৱেশ জীয়াই থাকিলেহে সকলো দিশৰ পৰা পিছ পৰি থকা অঞ্চলটোৱে উন্নতিৰ মুখ দেখিবলৈ সক্ষম হ’ব৷ বর্তমানৰ ৰাজ্য চৰকাৰখনে অর্থাৎ ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনে এই বাস্তৱ সত্যটো হূদয়ংগম কৰি আন্তঃৰাজ্যিক সীমা বিবাদ নিষ্পত্তি কৰিবলৈ নিষ্ঠা আৰু সততাৰে কাম কৰি আহিছে৷ বর্তমানৰ চৰকাৰখনৰ দৰে পূর্বৰ চৰকাৰসমূহে সীমা সমস্যা সমাধান কৰাত সমানেই গুৰুত্ব দিলে অসম তথা সাতভনীৰ ৰাজ্যকেইখনে বহু অপ্রীতিকৰ পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ সক্ষম হ’লহেঁতেন৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ঐকান্তিক প্রয়াসৰ বাবে আজি অসম–মেঘালয়, অসম–ৰুণাচল প্রদেশৰ মাজত দীর্ঘদিন ধৰি বিৰাজমান সীমা সমস্যা সমাধানৰ পথ মুকলি হৈছে৷ বিধানসভাৰ মজিয়াত সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্রী অতুল বৰাই জনোৱা মতে অসম চৰকাৰে কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ উপদেশ মর্মে মেঘালয় চৰকাৰ আৰু অৰুণাচল প্রদেশ চৰকাৰৰ লগত দ্বিপাক্ষিক বুজাবুজি চুক্তিৰ জৰিয়তে সীমা বিবাদ নিষ্পত্তি কৰিবলৈ আঞ্চলিক সমিতি গঠন কৰি সংশ্লিষ্ট ৰাজ্যসমূহৰে বিবাদ নিষ্পত্তি কৰাৰ ব্যৱস্থা লৈছে৷ অসম–ৰুণাচলৰ সীমা বিবাদ নিষ্পত্তি কৰিবলৈ দুয়োখন ৰাজ্যৰ চৰকাৰে ১২খনকৈ আঞ্চলিক কমিটী গঠন কৰে৷ দুয়োখন ৰাজ্যৰে পাৰস্পৰিক আঞ্চলিক কমিটীবোৰে সীমান্ত এলেকাসমূহ যুটীয়াভাৱে পৰিদর্শন আৰু স্থানীয় লোকৰ লগত আলোচনাৰ লগতে কমিটীবোৰৰ পাৰস্পৰিক মত বিনিময়ৰ দ্বাৰা আন্তঃৰাজ্যিক সীমা বিবাদ নিষ্পত্তি কৰিবলৈ ব্যৱস্থা লৈছে৷ সেইমর্মে অৰুণাচল প্রদেশে দাবী কৰা ১২৩খন গাঁৱৰ ওপৰত বুজাবুজিৰ চুক্তি কৰে৷ বুজাবুজি চুক্তিত উল্লেখ কৰা মতে অসম–ৰুণাচলৰ সম্পূর্ণ সীমাৰ অৰুণাচল প্রদেশে দাবী কৰা মুঠ ১২৩খন গাঁৱৰ ভিতৰত এতিয়ালৈকে ৭১খন গাঁৱৰ সীমা বিবাদ নিষ্পত্তি কৰা হৈছে৷ বাকী থকা ৫২খন গাঁৱৰ সীমা নির্ধাৰণ প্রক্রিয়া চলি আছে আৰু আঞ্চলিক কমিটীসমূহক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ হোৱা ২০২৩ৰ ৩০ এপ্রিলৰ পৰা ৬ মাহৰ ভিতৰত সীমা বিবাদ নিষ্পত্তি কৰিবলৈ কোৱা হৈছে৷ ৰাজ্য চৰকাৰৰ এই প্রয়াস সফল হ’লে অনাগত দিনত অসম বিধানসভাৰ অধিৱেশনৰ সময়ত চুবৰীয়া ৰাজ্যই মাটি বেদখল কৰা বাতৰি অসমৰ ৰাইজে পঢ়িবলৈ নাপাব বুলি আশা কৰিব পাৰি৷

You might also like