নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছিয়া কাপত আজি ভাৰত-বাংলাদেশ

বিশেষ বাৰ্তা, ১৫ ছেপ্টেম্বৰঃ এছিয়া কাপৰ এখন গুৰুত্বহীন মেচত খেলপথাৰত নামিব ভাৰত-বাংলাদেশ। কিয়নো ইতিমধ্যো ফাইনেল উপনীত হৈছে টীম ইণ্ডিয়া। ইফালে কালি নিশাৰ মেচত পাকিস্তানক পৰাস্ত কৰি ফাইনেলত স্থান সুৰক্ষিত কৰিছে শ্ৰীলংকাই। এছিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নমাৰ পূর্বে হঠাৎ পিঠিত আঘাত পাইছিল শ্রেয়াছ আয়াৰে৷ আঘাতৰ পিছত সুস্থ হৈ উঠা শ্রেয়াছে দুখন মেচ খেলাৰ পিছত পুনৰ আঘাত পোৱাত চিন্তিত হৈ পৰিছে ভাৰতীয় দল৷ কিন্তু বাংলাদেশৰ বিৰুদ্ধে নমাৰ পূর্বে দলক কিছু স্বস্তি প্রদান কৰিলে শ্রেয়াছে৷ অনুশীলন আৰম্ভ কৰিছে তেওঁ৷ তেওঁক নেটত অনুশীলন কৰা দেখি যথেষ্ট সুস্থ হৈ উঠা যেন অনুভৱ হয়৷ বাংলাদেশৰ বিৰুদ্ধে মেচখনৰ পূর্বে আজি কলম্বোত অনুশীলনত সূর্যকুমাৰ যাদৱ আৰু শার্দুল ঠাকুৰৰ সৈতে শ্রেয়াছক দেখা যায়৷ যথেষ্ট সময় বেটিং কৰে শ্রেয়াছে৷ অনুশীলনৰ সময়ত কোনো সমস্যা হোৱা নাছিল তেওঁৰ৷ অৱশ্যে কাইলৈ বাংলাদেশৰ বিৰুদ্ধে শ্রেয়াছে খেলাক লৈ কোনো নিশ্চয়তা নাই৷ ইতিমধ্যে এছিয়া কাপৰ ফাইনেলত প্রৱেশ কৰিছে ভাৰতে৷ সেইবাবে বাংলাদেশৰ বিৰুদ্ধে প্রথম একাদশত একাধিক সালসলনি ঘটিব পাৰে৷ সূর্যকুমাৰ, তিলক বার্মা, মহম্মদ ছামিয়ে দলত স্থান পোৱাৰ সম্ভাৱনা আছে৷ কোহলি, ৰোহিত শর্মা, বুমৰাহহঁতক জিৰণি দিয়া হ’ব পাৰে৷ সেই দলত শ্রেয়াছকো দেখা যাব পাৰে৷ খেলৰ সময়ঃ দিনৰ ৩ বজা৷

You might also like