ৰঙাপৰা পৌৰসভাত বিজেপিৰ জিলা মহিলা মৰ্চাৰ প্ৰচাৰ
নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ শোণিতপুৰৰ ৰঙাপৰা বিধানসভাৰ অধীনৰ ৰঙাপৰা পৌৰসভাৰ কেইবাটাও ৱাৰ্ডত অহা ৬ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া পৌৰসভা নিৰ্বাচনক কেন্দ্ৰ কৰি আজি বিজেপিৰ শোণিতপুৰ জিলা মহিলা মৰ্চাৰ তৰফৰপৰা প্ৰচাৰ অভিযান চলোৱা হয় । জানিব পৰা মতে, জিলা মহিলা মৰ্চাৰ বিষয়ববীয়া আৰু কাৰ্যনিৰ্বাহক সদস্যাসকলে ২নং ৱাৰ্ডৰ বিজেপি মনোনীত প্ৰাৰ্থী খীণমায়া সোণাৰী (উমা)ৰ লগতে ক্ৰমে ৩, ৪ আৰু ৭নং ৱাৰ্ডত উপস্থিত হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বিজেপিৰ প্ৰাৰ্থী আৰু প্ৰভাৰী, সহঃ প্ৰভাৰীসকল, দলীয় কাৰ্যকৰ্তাক লগত লৈ ৱাৰ্ডত সভা অনুষ্ঠিত কৰি লগতে ৱাৰ্ডৰ ভোটাৰসকলৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলায় । প্ৰচাৰ কাৰ্যত প্ৰাৰ্থীকেইগৰাকীৰ লগতে শোণিতপুৰ জিলা মহিলা মৰ্চাৰ কনভেৰ্নৰ বনস্মিতা শইকীয়া, জিলা মহিলা মৰ্চাৰ সদস্যা গীতালি শৰ্মা, শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী ডলী চুৰিণ, ৰঙাপৰা গ্ৰাম্য মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী ৰূপালী বাৰিক আৰু দলীয় কাৰ্যকৰ্তা উপস্থিত থাকি সহযোগিতা আগবঢ়ায় ।
প্ৰেৰক প্ৰাঞ্জল পি বৰা