নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত ৩৮ প্রার্থীৰ ভাগ্য নির্ণয় কৰিব ৮০,২৪২ ভোটাৰে

নিয়মীয়া বাৰ্তা, ‍১৭ ডিচেম্বৰঃ আজি অনুষ্ঠিত হ’ব লগীয়া তিৱা স্বায়ত্ত পৰিষদৰ নির্বাচনত নগাঁও জিলাৰ দহটা পৰিষদীয় সমষ্টিত বিজেপি, কংগ্রেছ, অগপ আৰু নির্দলীয়ৰ মুঠ ৩৮গৰাকী প্রার্থী অৱতীর্ণ হৈছে৷ এই প্রার্থীসকলৰ ভাগ্য নিৰূপণ কৰিব দহটা পৰিষদীয় সমষ্টিৰ মুঠ ৮০ হাজাৰ ২৪২গৰাকী ভোটাৰে৷ ইয়াৰে ৪০,৬১৭গৰাকী পুৰুষ ভোটাৰ আৰু ৩৯,৬২৫গৰাকী মহিলা ভোটাৰ৷ এই ভোটাৰসকলে ১০২টা ভোটকেন্দ্রত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব৷

স্মর্তব্য যে এই ভোটগ্রহণ কেন্দ্রসমূহৰ ভিতৰত ৩৩টা ভোটগ্রহণ কেন্দ্র অতি স্পর্শকাতৰ আৰু ১৭টা ভোটকেন্দ্র স্পর্শকাতৰ বুলি চিহ্ণিত কৰা হৈছে৷ কাইলৈ পুৱাৰে পৰা অনুষ্ঠিত হ’বলগীয়া তিৱা স্বায়ত্ত পৰিষদৰ নির্বাচনৰ বাবে নগাঁও জিলাৰ ১০২টা ভোটকেন্দ্রলৈ নির্বাচনৰ যাৱতীয় সা–সামগ্রী লৈ নগাঁও চহৰৰ ডচন হাইস্কুলৰ খেলপথাৰৰ পৰা ১০২ গৰাকী প্রিজাইডিং বিষয়া আৰু ৩০৬ গৰাকী প’লিং বিষয়া ৰাওনা হৈছে৷ ভোটকেন্দ্রসমূহত যাতে ভোটগ্রহণ প্রক্রিয়া অতি শান্তিপূর্ণভাৱে সম্পন্ন হয় তাৰ বাবে প্রশাসনে যাৱতীয় সকলোধৰণৰ ব্যৱস্থাই গ্রহণ কৰিছে৷

You might also like